নেশ্যনেল ডেস্ক, 3 মাৰ্চ :অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ে তিনিখন ৰাজধানী আৰু ৰাজধানী ক্ষেত্ৰ উন্নয়ন কৰ্তৃপক্ষ(CRDA) বাতিল কৰাৰ এক গোচৰৰ শুনানি গ্ৰহণ কৰি ৰাজ্য চৰকাৰক CRDA আইন অনুসৰি কাম কৰাৰ নিৰ্দেশ দিয়ে । ন্যায়ালয়ে গোচৰটোৰ শুনানি গ্ৰহণ কৰি কয় যে, CRDA আইনত সকলো উন্নয়নমূলক কাম ছমাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ কথা উল্লেখ কৰা হৈছে ৷ যিসকল কৃষকক মাটি দিয়া হৈছিল তেওঁলোকক সকলো সুবিধাৰে ৩ মাহৰ ভিতৰত বিকশিত ভূমি হস্তান্তৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছিল ।
ন্যায়ালয়ে লগতে সকলো উন্নয়নমূলক কামৰ তথ্য সময়ে সময়ে আদালতক দিব লাগে বুলি শুনানিটোত উল্লেখ কৰে । উল্লেখ্য যে, তেলেংগানাক 2014 চনত অন্ধ্ৰ প্ৰদেশৰ পৰা পৃথক ৰাজ্যৰ মৰ্যাদা দিয়া হৈছিল । মনমোহন সিং চৰকাৰৰ এই সিদ্ধান্তৰ পিছত অন্ধ্ৰ প্ৰদেশৰ ৰাজধানী হায়দৰাবাদ তেলেংগানাৰ অংশ হৈ পৰে । ইয়াৰ পাছত অন্ধ্ৰ প্ৰদেশৰ বাবে এখন নতুন ৰাজধানীৰ সন্ধান আৰম্ভ হৈছিল । অৱশ্যে, ইয়াৰ মাজতে হায়দৰাবাদক 10 বছৰৰ বাবে দুয়োখন ৰাজ্যৰ ৰাজধানী হিচাপে লোৱাৰ সিদ্ধান্ত লোৱা হৈছিল ।
তেলেংগানাক পৃথক ৰাজ্যৰ মৰ্যাদা দিয়াৰ পাছত 2015 চনৰ মাৰ্চত অন্ধ্ৰ প্ৰদেশৰ তদানীন্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে নতুন ৰাজধানীৰ নাম দিয়ে অমৰাৱতী । 2015 চনৰ 6 জুনত অমৰাৱতী বসতি স্থাপনৰ বাবে কৃষ্ণা নদীৰ পাৰত ভূমি পূজনো কৰা হৈছিল । প্ৰধানমন্ত্ৰীয়েও নতুন চহৰখনৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত আছিল ।
চন্দ্ৰবাবু নাইডুৰ চৰকাৰে অমৰাৱতীক ৰাজধানী হিচাপে গঢ়ি তুলিবলৈ 32,000 একৰ ভূমি লৈছিল । তেতিয়া খবৰ পোৱা গৈছিল যে, অন্ধ্ৰ প্ৰদেশৰ নতুন ৰাজধানীৰ বসতি স্থাপনৰ বাবে চৰকাৰৰ ওচৰত 50,000 একৰ ভূমি আছে । ইয়াৰ বাবে কৃষ্ণা নদীৰ পাৰত থকা বিজয়ৱাড়া-গুন্টুৰ অঞ্চলৰ কৃষকসকলৰ ভূমি লোৱা হৈছিল ।