নেশ্যনেল ডেস্ক, 9 ছেপ্টেম্বৰ:অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুক গ্ৰেপ্তাৰ ৷ CID য়ে ৰাজ্যখনৰ নন্দিয়ালাত গ্ৰেপ্তাৰ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক ৷ দক্ষতা বিকাশ সম্বন্ধীয় গোচৰত গ্ৰেপ্তাৰ কৰা হয় নাইডুক ৷
আৰক্ষীয়ে জিম্মাত লোৱাৰ পিচতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে, " কিয় মানৱ অধিকাৰ খৰ্ব কৰা হৈছে ? মোৰ ভুল হ’লে ৰাস্তাতে মৰি যাম । মোৰ বিৰুদ্ধে কি কি ধাৰা লগোৱা হৈছে ? কোনো প্ৰমাণ অবিহনে মোক কেনেকৈ গ্ৰেপ্তাৰ কৰিব পাৰে ?"
অৱশ্যে আৰক্ষীয়ে উচ্চ ন্যায়ালয়ক প্ৰাথমিক সাক্ষ্য জমা দিয়া বুলি জানিবলৈ দিয়ে । আনহাতে চন্দ্ৰবাবুৰ হৈ অধিবক্তাই আৰক্ষীৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হয় । তেওঁলোকে প্ৰমাণ দেখুৱাবলৈ কয় । আৰক্ষীয়ে সকলো তথ্য-পাতি মজুত আছে বুলি কয় । অৱশ্যে অধিবক্তাসকলে প্ৰাথমিক প্ৰমাণ দেখুৱাব লাগে বুলি হেঁচা প্ৰয়োগ কৰিছিল । চন্দ্ৰবাবুৱে আৰক্ষীক প্ৰশ্ন কৰে যে অহা তত্বাৱধায়ক আৰক্ষী বিষয়াজন অহাৰ কৰ্তৃত্ব ক’ত ? চন্দ্ৰবাবুৱে কয় , "আমি বিচলিত হোৱা নাই, আমি আমাৰ অধিকাৰ বিচাৰিছো । অধিবক্তাই কয় যে চন্দ্ৰবাবুক গ্ৰেপ্তাৰ কৰাটো অবৈধ ।"
অধিবক্তাই আৰক্ষীৰ সৈতে হোৱা আলোচনাত এজাহাৰত চন্দ্ৰবাবুৰ নাম সন্দৰ্ভত অধিবক্তাই প্ৰশ্ন উত্থাপন কৰে । এই উপলক্ষে তেলেগু দেশম পাৰ্টিৰ মুৰব্বীগৰাকীয়ে আৰক্ষীক প্ৰশ্ন কৰে যে এজাহাৰত নাম উল্লেখ নোহোৱাকৈ গ্ৰেপ্তাৰ কেনেকৈ সম্ভৱ । গ্ৰেপ্তাৰ কৰাৰ আগতে সেই নথি-পত্ৰ জমা দিব লাগে বুলি কয় ।