অসম

assam

ETV Bharat / bharat

সীমান্তত শেন চকু দিয়াসকলক কোনোপধ্যে ৰক্ষা কৰা নহ'ব-ৰাজনাথ সিং - ভৰতীয় সেনাৰ যথেষ্ট শক্তি আৰু ক্ষমতা আছে

সীমান্তত পাক সেনাৰ আক্ৰমণৰ সম্ভাৱনা প্ৰকট হৈ উঠাত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মন্তব্য । সীমান্তত শেন চকু ৰখাসকলক কোনোপধ্যে ৰক্ষা কৰা নহ'ব । বিগত মাহে ৩০০-৪০০ বাৰতকৈও অধিক যুদ্ধ বিৰতি উলংঘন কৰি আহিছে । চাৰিবাৰকৈ ভাৰতৰে হোৱা যুদ্ধত পাকিস্তান বেয়াকৈ হৰাৰ পিচতো যুদ্ধৰ কুখ্যাত প্ৰস্তুতি অব্যাহত ৰাখিছে ।

পাক সেনাৰ আক্ৰমণ সন্দৰ্ভত মন্তব্য ৰাজনাথ সিঙৰ
পাক সেনাৰ আক্ৰমণ সন্দৰ্ভত মন্তব্য ৰাজনাথ সিঙৰ

By

Published : Dec 30, 2020, 10:39 AM IST

নেশ্যনেল ডেস্ক, ৩০ ডিচেম্বৰ: ভাৰত-পাক সীমান্তৰ যুদ্ধৰ কেতিয়া অন্ত পৰিব ? এইবাৰো সীমান্তত পাক সেনাৰ আক্ৰমণৰ সম্ভাৱনা পৰিলক্ষিত হোৱাত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে ভাৰতৰ ওপৰত চকু দিয়াসকলক কোনোপধ্যে ৰক্ষা কৰা নহ'ব । পূৰ্বৰে পৰা পাক-সেনাই সীমান্তত ভাৰতৰ ওপৰত শেন চকু ৰাখিছে । বিগত কেইবা মাহে ৩০০-৪০০ বাৰতকৈও অধিক যুদ্ধ বিৰতি উলংঘন কৰি আহিছে । কিন্তু ইয়াৰ প্ৰত্তুত্তৰত ভাৰতীয় সেনাইও উচিত প্ৰত্তুত্তৰ দি আহিছে ।

পাক সেনাৰ আক্ৰমণ সন্দৰ্ভত মন্তব্য ৰাজনাথ সিঙৰ

লগতে জন্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদ সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় সেনাই জন্মু-কাশ্মীৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰা দেশখনক বচাবলৈ কঠোৰ নিৰাপত্তা দি আহিছে আৰু ইয়াক নিৰ্মূল কৰিবলৈ ভৰতীয় সেনাৰ যথেষ্ট শক্তি আৰু ক্ষমতা আছে ।

২০১৬ চনত উৰী সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পাচত সীমান্তত সন্ত্ৰাসবাদী লান্স পেডত চাৰ্জিকেল ষ্ট্ৰাইক চলাইছিল । পৰৱৰ্তী সময়ত ২০১৯ চনতো পুলৱামা আক্ৰমণৰ পাচত বালাকোটত চাৰ্জিকেল ষ্ট্ৰাইক চলাই সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰিছিল ।

উল্লেখ্য যে চলিত মাহৰ আৰম্ভণিতে ৰাজনাথ সিঙে তেলেংগানাৰ দণ্ডিগেলস্থিত এয়াৰফৰ্চ একাডেমীৰ স্নাতক পৰ্যায়ৰ পেৰেডৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানক কটাক্ষ কৰি কয় যে চাৰিবাৰকৈ ভাৰতৰে হোৱা যুদ্ধত পাকিস্তান বেয়াকৈ হৰাৰ পিচতো যুদ্ধৰ কুখ্যাত প্ৰস্তুতি অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: বুধবাৰে পুনৰ কেন্দ্ৰৰ সৈতে স্থগিত বৈঠকত মিলিত হ’ব কৃষক সংগঠন

ABOUT THE AUTHOR

...view details