অসম

assam

ETV Bharat / bharat

Antilia case update: প্ৰাক্তন এনকাউণ্টাৰ বিশেষজ্ঞ প্ৰদীপ শৰ্মাৰ জামিন মঞ্জুৰ শীৰ্ষ আদালতৰ - প্ৰাক্তন এনকাউণ্টাৰ বিশেষজ্ঞ প্ৰদীপ শৰ্মাৰ জামিন

ন্যায়াধীশ এ এছ বোপান্নাৰ নেতৃত্বত গঠিত বিচাৰপীঠে 2023 চনৰ জানুৱাৰী মাহৰ বম্বে উচ্চ ন্যায়ালয়ৰ আদেশক প্ৰত্যাহ্বান জনাই প্ৰদীপ শৰ্মাৰ জামিন মঞ্জুৰ কৰে । ইয়াৰ পূৰ্বে শীৰ্ষ আদালতে তেওঁক অসুস্থ পত্নী আৰু বৃদ্ধ মাতৃৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল । 2021 চনৰ জুন মাহত এই গোচৰত গ্ৰেপ্তাৰ হৈছিল শৰ্মা ।

Supreme Court grants bail to former Mumbai cop
প্ৰাক্তন এনকাউণ্টাৰ বিশেষজ্ঞ প্ৰদীপ শৰ্মাৰ জামিন মঞ্জুৰ শীৰ্ষ আদালতৰ

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 3:21 PM IST

নেশ্যনেল ডেস্ক, 23 আগষ্ট:উচচতম ন্যায়ালয়ে বুধবাৰে চাঞ্চল্যকৰ মানসুখ হিৰণ হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ হোৱা প্ৰাক্তন মুম্বাই পুলিচ আৰু এনকাউণ্টাৰ বিশেষজ্ঞ প্ৰদীপ শৰ্মাৰ জামিন মঞ্জুৰ কৰে । ন্যায়াধীশ এ এছ বোপান্নাৰ নেতৃত্বত গঠিত বিচাৰপীঠে 2023 চনৰ জানুৱাৰী মাহৰ বম্বে উচ্চ ন্যায়ালয়ৰ আদেশক প্ৰত্যাহ্বান জনাই প্ৰদীপ শৰ্মাৰ আবেদনৰ অনুমতি দিয়ে, যিয়ে তেওঁৰ জামিন আবেদন নাকচ কৰিছিল ।

ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে তেওঁক অসুস্থ পত্নী আৰু বৃদ্ধ মাতৃৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল । 2021 চনৰ জুন মাহত এই গোচৰত গ্ৰেপ্তাৰ হৈছিল প্ৰদীপ শৰ্মা ।

প্ৰদীপ শৰ্মাই উচ্চতম ন্যায়ালয়ৰ সন্মুখত দাবী কৰিছিল যে তেওঁৰ পত্নীৰ স্বাস্থ্যৰ অৱস্থা দিনক দিনে অধিক অৱনতি ঘটিছে । উল্লেখ্য যে, 2021 বৰ্ষৰ 25 ফেব্ৰুৱাৰীত উদ্যোগপতি মুকেশ আম্বানীৰ দক্ষিণ মুম্বাইস্থিত বাসগৃহ 'এণ্টিলিয়া (Antilia) ৰ সমীপত এখন বিস্ফোৰক ভৰ্তি এছ ইউ ভি বাহন উদ্ধাৰ কৰা হৈছিল ।

এই বাহনখন আছিল ব্যৱসায়ী মনসুখ হিৰেণৰ । কিন্তু আশ্চৰ্যজনকভাৱে এই ঘটনাৰ পাছতে অৰ্থাৎ একেটা বছৰৰ যোৱা 5 মাৰ্চত থানে জিলাৰ এক পৰিত্যক্ত স্থানত উদ্ধাৰ কৰা হৈছিল মনসুখ হিৰেণৰ মৃতদেহ ।

উদ্যোগপতি মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়ালক আতংকিত কৰাৰ সমগ্ৰ ষড়যন্ত্ৰত ‘দুৰ্বল লিংক’ বুলি গণ্য কৰা হিৰণক শেষ কৰিবলৈ প্ৰদীপ শৰ্মাই আন এজন বৰ্খাস্ত আৰক্ষী জোৱান শচীন ৱাজেৰ সৈতে ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল । নিৰ্দোষী বুলি দাবী কৰি প্ৰদীপ শৰ্মাই পূৰ্বে আদালতত কৈছিল যে তেওঁ আৰক্ষীৰ শত্ৰুতাৰ বলি হৈছে, অৱশ্যে তেওঁৰ একাধিক জামিন আবেদন বম্বে উচ্চ ন্যায়ালয়ে নাকচ কৰে ।

1983 চনত মুম্বাই আৰক্ষীত উপ-পৰিদৰ্শক হিচাবে যোগদান কৰা প্ৰদীপ শৰ্মাই 300 ৰো অধিক এনকাউণ্টাৰত জড়িত হৈ থকাৰ লগতে ইয়াৰে 113 টা গুলীচালনাৰ সৈতে প্ৰাক্তন এনকাউণ্টাৰ বিশেষজ্ঞ আৰক্ষী বিষয়া প্ৰদীপ শৰ্মাৰ নাম জড়িত হৈছে ।

লগতে পঢ়ক: Railway bridge collapsed: নিৰ্মীয়মান ৰে’লৱে দলং খহি মৃত্যু 17 শ্ৰমিকৰ, নিহতৰ সংখ্যা বৃদ্ধিৰ আশংকা

ABOUT THE AUTHOR

...view details