নেশ্যনেল ডেস্ক, ১৭ জুলাই :প্ৰসংগ এণ্টিলিয়া বোমা আতংক (Antilia bomb scare) । আদালতত জামিন বিচাৰি আবেদন এই ঘটনাৰ অভিযুক্ত লগতে মনসুখ হিৰেণৰ (Mansukh Hiran) হত্যাকাণ্ডৰ মূল অভিযুক্ত মুম্বাই আৰক্ষী বিষয়া শচীন ৱাজেৰ (Sachin Waze) । ঘটনাৰ তদন্তৰ দায়িত্বত থকা ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (NIA) অভিযোগ পত্ৰ দাখিল কৰাত ব্যৰ্থ হোৱাত জামিন বিচাৰি আদালতৰ কাষ চাপিছে ঘটনাৰ অভিযুক্ত গৰাকী । উল্লেখ্য যে, শচীন ৱাজেক গ্ৰেপ্তাৰ কৰাৰ ৯০ দিনৰ ভিতৰত তদন্তকাৰী সংস্থাটোৱে অভিযোগ পত্ৰ দাখিল কৰিব পৰা নাই ।
শচীন ৱাজে বৰ্তমান নৱী মুম্বাইৰ তালোজা কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে । ৱাজেক ১৩ মাৰ্চত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু ৯ জুনত নিয়া (NIA)ৰ বিশেষ আদালতে সংস্থাটোক অভিযোগপত্ৰ দাখিল কৰিবলৈ আৰু অতিৰিক্ত দুমাহ সময় দিছিল । এই অতিৰিক্ত সময়ক লৈ অভিযুক্তগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰিছে আৰু আদলতে বিষয়টো পৰৱৰ্তী শুনানি ২২ জুলাইত গ্ৰহণ কৰিব । উল্লেখ্য যে ২৫ ফেব্ৰুৱাৰীত মুম্বাইত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ (Reliance Industries) অধ্যক্ষ মুকেশ আম্বানীৰ ঘৰ এণ্টিলিয়াৰ(Antilia) ওচৰত বিস্ফোৰক ভৰ্তি বাহন এখন উদ্ধাৰ হোৱা ঘটনাৰ মূল অভিযুক্ত শচীন ৱাজে ।