নেশ্যনেল ডেস্ক, ৯ জুলাই: এমুঠি খাদ্যৰ অভাৱত প্ৰাণ হেৰুৱাবলগীয়া হোৱাতো সঁচাকৈয়ে । পৃথিৱীত এনে বহু মানুহ আছে যি দৰিদ্ৰতাৰ এই চৰম পৰ্যায়ৰ সন্মুখীন হৈছে । এই পৰিস্থিতিৰ বিৰুদ্ধে যুঁজ দিছে । কাৰোবাৰ দিন ভাললৈ আহিছে আৰু কোনোবাই পেটৰ ভোক সহিব নোৱাৰি চিৰবিদায় মাগিছে । দৰিদ্ৰতা বিৰোধী সংস্থা অক্সফাম (Oxfam)ৰ তথ্য অনুসৰি, বিগত বৰ্ষত বিশ্বত দুৰ্ভিক্ষ সদৃশ পৰিস্থিতি ৬ গুণ বৃদ্ধি পাইছে ।
খাদ্যৰ অভাৱৰ বাবে প্ৰতি ১ মিনিটত সমগ্ৰ বিশ্বত ১১ জন লোকৰ মৃত্যু হৈছে । "দ্য হাংগাৰ ভাইৰাছ মাল্টিপ্লাইজ"( The Hunger Virus Multiplies) শীৰ্ষক এক প্ৰতিবেদনত অক্সফামে বৃহস্পতিবাৰে এই তথ্য প্ৰকাশ কৰিছে । সংস্থাটোৰ মতে, প্ৰতি ১ মিনিটত মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাতকৈ দুৰ্ভিক্ষৰ ফলত হোৱা মৃত্যুৰ সংখ্যা অধিক হৈছে । ক'ভিড-১৯ (Covid 19)ত আক্ৰান্ত হৈ প্ৰতি ১ মিনিটত ৭ জন লোকৰ মৃত্যু হয় । কিন্তু খাদ্যৰ অভাৱৰ বাবে প্ৰতি ১ মিনিটত সমগ্ৰ বিশ্বত ১১ জন লোকৰ মৃত্যু হয় ।
অক্সফাম আমেৰিকাৰ সভাপতি আৰু মুখ্য কাৰ্যবাহী বিষয়া এবি মেক্সমেনে কয় যে, "এই পৰিসংখ্যাবোৰ অতি আচৰিতজনক । কিন্তু আমি মনত ৰাখিব লাগিব যে, এই পৰিসংখ্যা অকল্পনীয় দুখ-কষ্টৰ সন্মুখীন হোৱা লোকৰ মৃত্যুৰ তথ্য । দুৰ্ভিক্ষৰ বাবে এজন লোকৰ মৃত্যু হোৱাটোও অতি পৰিতাপৰ বিষয়" ।
অক্সফামৰ প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে যে, বৰ্তমানেও বিশ্বজুৰি ১৫৫ নিযুত লোকে খাদ্য সংকটত ভূগি আছে । ইয়াৰ প্ৰায় দুই-তৃতীয়াংশই দুৰ্ভিক্ষৰ চৰম পৰ্যায়ত উপনীত হৈছে আৰু এই লোকসকলে বাস কৰা দেশত এতিয়া সামৰিক সংঘৰ্ষ চলি আছে । ক'ভিড-১৯ৰ বাবে হোৱা আৰ্থিক সংকট, ধাৰাবাহিকভাৱে হোৱা সংঘৰ্ষ, জলবায়ু সংকট আদিয়ে ৫,২০,০০০ৰো অধিক লোকক অনাহৰে দিন অতিবাহিত কৰিবলৈ বাধ্য কৰাইছে বুলি মেক্সমেন জানিবলৈ দিছে । মহামাৰীসৃষ্টি সংকটৰ সময়তো বহু দেশত ক'ভিডৰ বিৰুদ্ধে যুঁজ দিয়াৰ পৰিৱৰ্তে বিদ্ৰোহী আৰু চৰকাৰী পক্ষই পৰস্পৰৰ বিৰুদ্ধে যুঁজ দিবলগীয়া হৈছে ।