অসম

assam

ETV Bharat / bharat

Anti CM rally in Arunachal : ১০০ জন আটক, ২৫ জনৰ বিৰুদ্ধে গোচৰ ৰুজু - অৰুণাচলত বন্ধ ইণ্টাৰনেট সেৱা

অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী ৷ ৰাজ্যখনৰ সৰ্ববৃহৎ জনজাতীয় সংগঠনসমূহৰ ভিতৰত অন্যতম নাইছি জনজাতিক প্ৰতিনিধিত্ব কৰা অন্যাই মুখ্যমন্ত্ৰী খাণ্ডুৰ বিৰুদ্ধে এক কেলেংকাৰীৰ অভিযোগ উত্থাপিত কৰিছিল ৷ যাৰ বাবে সংগঠনটোৰ সদস্যসকলে শুকুৰবাৰে ধৰ্মঘট কাৰ্যসূচী (Anti CM rally in Arunachal) অনুষ্ঠিত কৰে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱা ১০০ জন সদস্যক আটক কৰে আৰক্ষীয়ে ৷

Anti CM rally in Arunachal
অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী

By

Published : Jan 15, 2022, 11:30 AM IST

নিউজ ডেস্ক, 15 জানুৱাৰী :বিষম হৈছে অৰুণাচলৰ পৰিস্থিতি ৷ ৰাজ্যখনৰ সৰ্ববৃহৎ জনজাতীয় সংগঠনসমূহৰ ভিতৰত অন্যতম নাইছি জনজাতিক প্ৰতিনিধিত্ব কৰা অন্যাই মুখ্যমন্ত্ৰী খাণ্ডুৰ বিৰুদ্ধে এক কেলেংকাৰীৰ অভিযোগ উত্থাপিত কৰিছিল ৷ অভিযোগ অনুসৰি, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ২,০০০ কোটি টকীয়া চৰকাৰী পুঁজিৰ ধনৰ কেলেংকাৰীত জড়িত আছে ৷

অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ পদত্যাগ দাবীৰে ৰাজ্যখনৰ এক মুখ্য জনজাতীয় যুৱ সংগঠন অল নাইছি য়ুথ এছ'চিয়েছনে (এএনআইএ) আহ্বান জনাইছিল ৩৬ ঘণ্টীয়া ধৰ্মঘটৰ (Anti CM rally in Arunachal) ৷ য’ত অংশগ্ৰহণ কৰা শতাধিক লোকক আটক কৰিছে আৰক্ষীয়ে ৷

ইতিমধ্যে প্ৰশাসনে অবৈধ ঘোষণা কৰা এই প্ৰতিবাদী ধৰ্মঘটৰ আহ্বান জনোৱা প্ৰায় 25 জন সদস্যৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ ৷ আটকাধীন লোকসকলক ১২ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৷

শুকুৰবাৰে সন্ধিয়া ধৰ্মঘট সমাপ্ত হোৱাৰ পিছত প্ৰতিবাদকাৰীসকলে ৰাজ্যত অনিয়ম সৃষ্টি কৰাৰ লগতে সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰাৰ প্ৰয়াস কৰাৰ চেষ্টা চলোৱা বুলি আৰক্ষী সূত্ৰই দাবী কৰিছিল ৷

স্থানীয় প্ৰশাসনে ইয়াৰ পূৰ্বে প্ৰতিবাদৰ পৰিকল্পনাত বাধা প্ৰদান কৰাৰ উদ্দেশ্যে বুধবাৰৰ পৰা ইটানগৰ আৰু কাষৰীয়া অঞ্চলসমূহত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছিল ৷ কিন্তু ধৰ্মঘট ৰ অন্ত পৰাৰ লগে লগে পুনৰ ৰাজ্যখনত ইণ্টাৰনেট সেৱা মুকলি কৰি দিয়া হৈছে ৷

এই ধৰ্মঘটৰ ফলত ৰাজ্যখনৰ বিশেষকৈ ইটানগৰ আৰু নাহৰলগুনৰ দৰে অঞ্চলৰ স্বাভাৱিক জীৱনযাত্ৰাত কিছু পৰিমাণে ব্যাঘাত জন্মে ৷

লগতে চাওক:india corona update : দেশত 1,54,542 গৰাকী লোক বিগত 24 ঘণ্টাত নতুনকৈ আক্ৰান্ত

ABOUT THE AUTHOR

...view details