নেশ্যনেল ডেস্ক,29 ডিচেম্বৰ: অৰ্জুন কাপুৰৰ ভনী অংশুলা কাপুৰে মুম্বাইত থকা বাসগৃহত তেওঁৰ ভনী জাহ্নৱী কাপুৰ আৰু খুছী কাপুৰৰ সৈতে জন্মদিন পালন কৰে ৷ ইনষ্টাগ্ৰামত অংশুলাই জন্মদিন পালনৰ এক ভিডিঅ' পোষ্ট কৰি কয় যে, বহুদিন মুৰত আমি একেলগে সময় পাৰ কৰিছো ৷ মোৰ জন্মদিনটো স্পেচিয়েল কৰি তোলাৰ বাবে দুয়োকে বহু ধন্যবাদ জনালো ৷
জাহ্নৱী কাপুৰ আৰু খুছী কাপুৰলৈ কৃতজ্ঞতা অংশুলা কাপুৰৰ - Anshula thanks her cuties Janhvi andKhushi
অংশুলা কাপুৰৰ জন্মদিন স্পেচিয়েল কৰি তোলাৰ বাবে দুই ভনীয়েকক ধন্যবাদ জ্ঞাপন কৰে অংশুলা কাপুৰে ৷ ইনষ্টাগ্ৰামত জন্মদিন পালনৰ এক ভিডিঅ' পোষ্ট কৰি কয় যে "❤️Thank you for being my sunshine"
![জাহ্নৱী কাপুৰ আৰু খুছী কাপুৰলৈ কৃতজ্ঞতা অংশুলা কাপুৰৰ Anshula thanks her 'cuties' Janhvi, Khushi for surprise b'day party](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10042891-167-10042891-1609216890284.jpg)
জাহ্নৱী কাপুৰ আৰু খুছী কাপুৰলৈ কৃতজ্ঞতা অংশুলা কাপুৰৰ
অংশুলাই ২৯ ডিচেম্বৰত তেওঁৰ জন্মদিন উদযাপন কৰি আহিছে যদিও তেওঁৰ ভনী জাহ্নৱী আৰু খুছিয়ে নিশাই জন্মদিন উদযাপন কৰা আৰম্ভ কৰিছিল ৷ চাৰপ্ৰাইজ প্লেনেৰে জন্মদিনটো স্পেচিয়েল কৰি তোলাত অংশুলাই তেওঁৰ জন্মদিন উদযাপনৰ এক মুহুৰ্ত শ্বেয়াৰ কৰি ইনষ্টাগ্ৰামত তেওঁৰ দুই ভনীয়েকক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে জীৱনৰ ৰশ্মি বুলি অভিহিত কৰে ৷
লগতে পঢ়ক:ভাৰতীয় ৰে'লৱে মুকলি কৰিলে Hospital Management Information System (HMIS)