নেশ্যনেল ডেস্ক, 8 মে’ :আকৌ বোমা বিস্ফোৰণ ৷ পুনৰ বোমা বিস্ফোৰণত কঁপিল পঞ্জাৱৰ অমৃতসৰৰ স্বৰ্ণ মন্দিৰ(Golden Temple in Amritsar) ৷ জানিব পৰা মতে, আজি অৰ্থাৎ সোমবাৰে পুৱা প্ৰায় 6 বজাত অমৃতসৰৰ স্বৰ্ণ মন্দিৰৰ সমীপতে সংঘটিত হয় এক বোমা বিস্ফোৰণৰ ঘটনা (Another mysterious explosion in Punjab) ।
প্ৰাৰ্থমিক তথ্য অনুসৰি, এই বিস্ফোৰণৰ ফলত কোনো ক্ষতি হোৱা নাই ৷ অৱশ্যে মন্দিৰলৈ অহা দৰ্শনাৰ্থীৰ মাজত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আয়ুক্তত নৌনিহল সিং । বিগত 24 ঘন্টাৰ ভিতৰত পঞ্জাৱৰ পবিত্ৰ স্বৰ্ণ মন্দিৰৰ সমীপত এইটো দ্বিতীয়টো বিস্ফোৰণ ।
সোমবাৰে হোৱা এই দ্বিতীয়টো বিস্ফোৰণত এজন লোক সামান্য পৰিমাণে আহত হৈছে বুলি জানিব পৰা গৈছে ৷ অৱশ্যে বৰ্তমান পৰ্যন্ত এই বিস্ফোৰণৰ কাৰণ জানিব পৰা হোৱা নাই (2nd Blast Reported In 24 Hours at Amritsar in In Punjab)। পঞ্জাৱ আৰক্ষীয়ে এই সমগ্ৰ বিষয়টো তন্ন তন্নকৈ পৰীক্ষা কৰি আছে ।