নেশ্যনেল ডেস্ক, ১৫ জুলাই: পশ্চিমবংগ আৰক্ষীৰ বিশেষ টাস্ক ফ'ৰ্চ(Special Task Force)ৰ জালত পৰিল জামাত-উল-মুজাহিদীন বাংলাদেশ(Jamaat-ul- Mujahideen Bangladesh)ৰ আন এটা সন্ত্ৰাসবাদী । আৰক্ষীয়ে জনোৱা মতে, বুধবাৰে নিশা ৰাজ্যখনৰ উত্তৰ ২৪ পৰগনা জিলাৰ বাৰাসাত পৌৰসভা অঞ্চলস্থিত নিজ বাসগৃহৰ পৰা আৰক্ষীয়ে সন্ত্ৰাসবাদীটোক গ্ৰেপ্তাৰ কৰে । সন্ত্ৰাসবাদীটোৰ নাম লালু সেন ওৰফে ৰাহুল সেন অথবা ৰাহুল কুমাৰ বুলি আৰক্ষীয়ে জানিবলৈ দিছে । এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, দেওবাৰে দক্ষিণ কলকাতাৰ পৰা গ্ৰেপ্তাৰ কৰা জামাত-উল-মুজাহিদীন বাংলাদেশ(Jamaat-ul- Mujahideen Bangladesh)ৰ আন তিনিটা সন্ত্ৰাসবাদী লালু সেনৰ ঘনিষ্ঠ সহযোগী ।
আৰক্ষীয়ে ধৃত সন্ত্ৰাসবাদীটোৰ পৰা দুটা লেপটপ, এটা আইপেড, দুটা মোবাইল ফোন আৰু কেতবোৰ আপত্তিজনক নথি-পত্ৰ জব্দ কৰিছে । আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয় যে, লালু সেনে আন সন্ত্ৰাসবাদীক সহায় কৰিছিল । বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী আৰু বিত্তীয় সমৰ্থন আগবঢ়াইছিল সহযোগী সন্ত্ৰাসবাদীক । 'হুন্ডি'ৰ জড়িয়তে সন্ত্রাসবাদী সংগঠনটোক ধনৰ যোগান ধৰিছিল লালু সেনে ।
ভোটাৰ পৰিচয় পত্ৰ, পেন কাৰ্ড আৰু আধাৰ কাৰ্ড আদি ভুৱা নথি-পত্ৰ তৈয়াৰ কৰা কাৰ্যৰেও লালু হৈ জড়িত আছিল । আনহাতে, কলকাতা আৰক্ষীৰ বিশেষ টাস্ক ফ'ৰ্চে দেওবাৰে দক্ষিণ কলকাতাৰ হৰিদেৱপুৰ অঞ্চলৰ পৰা জামাত-উল-মুজাহিদীন বাংলাদেশৰ সন্ত্ৰাসবাদী নাজিউৰ ৰহমান, ৰাবিউল ইছলাম আৰু চাবিৰক গ্ৰেপ্তাৰ কৰিছিল ।