আগৰতলা, ১১ নৱেম্বৰ :ভাৰত আৰু বাংলাদেশৰ মাজত দ্বি-পাক্ষিক সম্পৰ্ক গঢ়ি তোলাৰ স্বাৰ্থত পুনৰ স্থাপন হ'বলৈ গৈ আছে আন এখন বিশেষ বজাৰ । ত্ৰিপুৰাৰ ধলাই জিলাৰ কমলপুৰৰ সীমান্তত স্থাপন হ'ব এই বজাৰ । খবৰ অনুসৰি, বুধবাৰে কমলপুৰ মহকুমাত ভাৰত-বাংলাদেশ সীমান্ত বজাৰ মুকলি কৰাৰ সন্দৰ্ভত দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয় । বৈঠকখন বাংলাদেশৰ ফালে কমলপুৰৰ সোণাৰাইৰ ওচৰৰ ১৯০৩ নং পিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত অনুষ্ঠিত হৈছিল ।
উচ্চ পৰ্যায়ৰ বৈঠকত ত্ৰিপুৰাৰ ধলাই জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ মোচালেমুদ্দিন আহমেদ আৰু বাংলাদেশৰ মৌলৱীবজাৰ জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ ৰুমানা য়াছমিন উপস্থিত থাকে । বৈঠকত ধলাই জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ মোচালেমুদ্দিন আহমেদে কয় যে ১৯০৩ নং পিলাৰ আৰু ১৩৪ নং সীমান্ত গেটৰ মাজত ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত ১.৩৭ একৰ ভাৰতীয় ভূমি আৰু ১.৩৬ একৰ বাংলাদেশী ভূমিৰ সৈতে সীমান্ত বজাৰ নিৰ্মাণ কৰা হ'ব । তেওঁ লগতে কয় যে এই সীমান্ত বজাৰত বাংলাদেশৰ ৫০ জন লোক আৰু ভাৰতৰ ৫০ জন লোকে সামগ্ৰী বিক্ৰী কৰিব পাৰিব আৰু দুয়োখন দেশৰ পৰা ১৫০ গৰাকী ক্ৰেতাক অনুমতি দিয়া হ'ব ।
এগৰাকী বিক্ৰেতাই এই সীমান্ত বজাৰত (Border Market) সৰ্বাধিক ২০০ ডলাৰ মূল্যৰ সামগ্ৰী বিক্ৰী কৰিব পাৰিব । সীমান্ত বজাৰ প্ৰতি মঙলবাৰে ১১ বজাৰ পৰা দুপৰীয়া ২.৩০ বজালৈ খোলা থাকিব । প্ৰতিগৰাকী ক্ৰেতা আৰু বিক্ৰেতাই একোখনকৈ পৰিচয় পত্ৰ আনিব লাগিব ।