নিউজ ডেস্ক, ২ জুলাই:বালাছোৰ দুৰ্ঘটনাত নিহত ১৩ টা মৃতদেহ শনিবাৰে পৰিয়ালক হস্তান্তৰ কৰা হয় । ইয়াৰ পূৰ্বে শুকুৰবাৰে ৬ গৰাকী লোকৰ মৃতদেহ তেওঁলোকৰ পৰিয়ালক হস্তান্তৰ কৰা হৈছিল ৷ দুৰ্ঘটনাৰ পাচত চিনাক্ত নোহোৱাৰ বাবে এইমছ ভুৱনেশ্বৰতে আছিল মৃতদেহকেইটা । ডিএনএ পৰীক্ষাৰ ফলাফলৰ ভিত্তিত অৱশেষত এইমছ ভুৱনেশ্বৰ, ভুৱনেশ্বৰ পৌৰ নিগম আৰু চৰকাৰী ৰে'ল আৰক্ষীৰ সমন্বয়েৰে পৰিয়ালৰ লোকক হস্তান্তৰ কৰা হয় মৃতদেহকেইটা ।
চিনাক্ত কৰা মৃতদেহকেইটাৰ চাৰিটা বিহাৰলৈ, আঠটা পশ্চিমবংগলৈ আৰু এটা মৃতদেহ ঝাৰখণ্ডলৈ প্ৰেৰণ কৰা হৈছে । ওড়িশা চৰকাৰ আৰু পূব উপকূল ৰে'লৱেয়ে ভুক্তভোগী পৰিয়ালবোৰৰ বাবে এম্বুলেন্স আৰু এছক'ৰ্ট বাহনৰ ব্যৱস্থা কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰে'ল মন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি ৰে'লৱেৰ দ্বাৰা পৰিয়ালবোৰক আৰ্থিক সাহায্যও প্ৰদান কৰা হৈছে ।