নিউজ ডেস্ক, ২৬ জানুৱাৰী:অভিনেতা অন্নু কাপুৰ চিকিৎসাধীন ৷ দিল্লীৰ ছাৰ গংগাৰাম হাস্পতালত(Sir Ganga Ram Hospital) চিকিৎসাধীন হৈ আছে বিশিষ্ট অভিনেতাগৰাকী ৷ বৃহস্পতিবাৰে পুৱা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বিশিষ্ট অভিনেতাগৰাকীক ৷ পুৱা অভিনেতাগৰাকীৰ বুকুৰ বিষ হোৱাত তেওঁক ততাতৈয়াকৈ দিল্লীৰ ছাৰ গংগাৰাম হাস্পতালত ভৰ্তি কৰোৱা হয়(Annu Kapoor hospitalised in Delhi) ৷
অৱশ্যে বৰ্তমান চিকিৎসকৰ তত্বাৱধানত বিশিষ্ট অভিনেতাগৰাকী স্বাস্থ্য কিছু সুস্থিৰ হৈছে ৷ ছাৰ গংগাৰাম হাস্পতালৰ কাৰ্ডিঅ'লজীৰ চিকিৎসক ডাঃ সুশান্ত ভাট্টালৰ তত্বাৱধানত চিকিৎসাধীন হৈ আছে অন্নু কাপুৰ(Annu Kapoor hospitalised in Sir Ganga Ram Hospital) ৷ চিকিৎসালয়খনৰ অধ্যক্ষ (পৰিচালনা পৰিষদ) ডাঃ অজয় স্বৰূপে অন্নু কাপুৰৰ স্বাস্থ্যৰ বিষয়ে শেহতীয়াকৈ এক আপডেট শ্বেয়াৰ কৰি এই কথা জানিবলৈ দিয়ে ।
অভিনেতাগৰাকীৰ মেনেজাৰ শচীনে তেওঁক বৰ্তমানেও চিকিৎসকৰ পৰ্যৱেক্ষণত ৰখাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ লগতে অন্নু কাপুৰে বৰ্তমান আহাৰ গ্ৰহণ কৰাৰ লগতে সকলোৰে লগত বাৰ্তালাপ কৰাৰ কথা জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, ৬৬ বছৰীয়া অন্নু কাপুৰ ভাৰতীয় চলচিত্ৰ জগতৰ এক পৰিচিত নাম ৷ তেওঁ বলিউডৰ লগতে আঞ্চলিক ভাষাৰ বহুতো ছবিত কাম কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷