নিউজ ডেস্ক, 29 ডিচেম্বৰ : কৃষি আইন 2020ক লৈ ইতিপূৰ্বেই সৰৱ ভূমিকা পালন কৰিছে আন্না হাজাৰে ৷ এইবাৰ কৃষকৰ আন্দোলনক মুকলিকৈ সমৰ্থন আগবঢ়াইছে হাজাৰে ৷ কেন্দ্ৰীয় চৰকাৰে কৃষকৰ সমৰ্থনত নাহিলে অনশনৰ ভাবুকি প্ৰদান কৰিছিল আন্না হাজাৰে ৷ মহাৰাষ্ট্ৰৰ আহমেদনগৰ জিলাৰ ৰালেগাঁৱত এখন সভাত অংশগ্ৰহণ কৰি কৃষকৰ আন্দোলনৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাই আগন্তুক জানুৱাৰীৰ পৰাই কৃষক আন্দোলনত চামিল হোৱাৰ কথা প্ৰকাশ কৰে সমাজসেৱীগৰাকীয়ে ৷
বিগত 15 ডিচেম্বৰত কৃষিমন্ত্ৰী নৰেন্দ্ৰ তোমৰলৈ লিখা এখন পত্ৰত কৃষকৰ সমৰ্থনত অনশনত বহাৰ কথা প্ৰকাশ কৰিছিল হাজাৰে ৷ যদিহে কৃষকৰ এই আন্দোলনক স্বীকৃতি প্ৰদান নকৰি কৃষকৰ স্বাৰ্থৰ বিপৰীতে কাম কৰে তেতিয়াহ’লে আন্দোলনত অংশগ্ৰহণ কৰাৰ কথা জনাইছিল আন্না হাজাৰে ৷ ইয়াৰ লগতে এম এছ স্বামীনাথন কমিটীৰ প্ৰতিবেদন বাস্তৱায়িত কৰাৰ বাবেও পত্ৰখনত উল্লেখ কৰিছিল তেওঁ ৷ কৃষিমন্ত্ৰীলৈ লিখা এই পত্ৰ প্ৰেৰণৰ পিচতেই মহাৰাষ্ট্ৰৰ বৰ্ষীয়ান বিজেপি নেতা তথা মহাৰাষ্ট্ৰ বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হৰিভাউ বাগদে সাক্ষাৎ কৰিছিল আন্না হাজাৰেক ৷ এই সাক্ষাতৰ সময়তে বাগদে হাজাৰেক তিনিওখন কৃষি আইন সন্দৰ্ভত বিস্তৃত বাখ্যাও আগবঢ়াইছিল ৷