নেচনেল ডেস্ক, 27 ডিচেম্বৰ :ক'ৰণা ভাইৰাছৰ প্ৰতিষেধক ব্যৱহাৰৰ বাবে দেশ সাজু হোৱাৰ লগে লগে প্ৰতিষেধকৰ আটাইতকৈ বৃহৎ সংখ্যক প্ৰতিষেধক মজুত কৰাৰ বাবে সাজু হৈছে অন্ধ্ৰপ্ৰদেশ ৷ সেই উদ্দেশ্যে অন্ধ্ৰ প্ৰদেশে ইতিমধ্যে ছটা বৃহৎ ৰেফ্ৰিজাৰেটৰ ব্যৱস্থা কৰিছে ৷ ৰাজ্যখনৰ কৃষ্ণা জিলাৰ গন্নভৰমত ক'ভিড প্ৰতিষেধক মজুত ৰখাৰ বাবে অন্ধ্ৰপ্ৰদেশে এই ছয় ৰিফ্ৰিজাৰেটৰ ব্যৱস্থা কৰিছে ৷
অন্ধ্ৰপ্ৰদেশৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আয়ুক্ত ভাস্কৰ কাটাম্নেই এক বিবৃতিযোগে শনিবাৰে এই কথা জানিবলৈ দিয়ে ৷ তেওঁ কয় যে ছটাকৈ বৃহৎ ৰেফ্ৰিজাৰেটৰ ( LARGE-ILR) সোমবাৰৰ পৰা প্ৰতিষেধক মজুত ৰাখিবলৈ ঠিক কৰা কেন্দ্ৰসমূহলৈ পথোৱাৰ ব্যৱস্থা কৰা হ'ব ৷ এই ৰেফ্ৰিজাৰেটৰ কেইটাৰ তিনিটা 40,000 লিটাৰ ক্ষমতাৰ আৰু বাকী তিনিটা 16,500 ক্ষমতাৰ বুলি জানিব পৰা গৈছে ৷