নিউজ ডেস্ক, ৩০ অক্টোবৰ : অন্ধ্ৰপ্ৰদেশৰ বিজয়নগৰম জিলাত ৰে'ল দুৰ্ঘটনাৰ এদিন পিছতে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে ৰে'ল সুৰক্ষা ব্যৱস্থাৰ অভাৱৰ বাবে কেন্দ্ৰক সমালোচনা কৰে ।
এক্সৰ এটা পোষ্টত খাৰ্গেয়ে কয়, "অন্ধ্ৰপ্ৰদেশৰ বিজয়নগৰম জিলাত ৰে'ল লাইনচ্যুত হোৱা দুৰ্ঘটনাৰ বিষয়ে জানি অত্যন্ত দুখিত । য'ত মানুহে মূল্যৱান জীৱন হেৰুৱাইছে আৰু কেইবাজনো লোক আঘাতপ্ৰাপ্ত হৈছে । শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমাৰ গভীৰ সমবেদনা জনালোঁ । আমি আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছোঁ । মই কংগ্ৰেছ কৰ্মীসকলক সকলো সম্ভৱ সহায় আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ । এনে লাগিছে যে বালাচোৰ ৰে'ল ট্ৰেজেডীৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ সুৰক্ষাৰ সকলো দাবী বতাহত উৰি গৈছে ।"
খাৰ্গেয়ে ৰে'ল লাইনচ্যুত হোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো তীব্ৰ আক্ৰমণ কৰে । উল্লেখ্য যে ওড়িশাৰ ৰে'ল দুৰ্ঘটনাৰ পিছত এইটো হৈছে দ্বিতীয়টো ডাঙৰ ঘটনা । তেওঁ লগতে কয়, "ৰে'লৰ ফ্লেগিঙৰ একেই উৎসাহ আৰু ধুমধামৰ প্ৰচাৰ ৰে'লৰ সুৰক্ষা আৰু কোটি কোটি দৈনিক যাত্ৰীৰ কল্যাণৰ দিশতো প্ৰদৰ্শন কৰা উচিত ।"
উল্লেখ্য যে বিজয়নগৰম ৰে'ল দুৰ্ঘটনাত নিহতৰ সংখ্যা ১৪ জনলৈ বৃদ্ধি পাইছে । আনহাতে, শতাধিক লোক আহত হৈছে । সূত্ৰ মতে, তেওঁলোকৰ কিছুসংখ্যক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে, যাৰ বাবে মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । দেওবাৰে নিশা ৭ বজাত অন্ধ্ৰপ্ৰদেশৰ বিজয়নগৰম জিলাৰ কোঠাৱালাচা মণ্ডলৰ কণ্টকাপল্লী আৰু আলামাণ্ডাৰ মাজত উক্ত দুৰ্ঘটনাটো সংঘটিত হয় । ৰায়গড়া ৰে'লে সঠিক সংকেত নোপোৱাৰ বাবেই দুৰ্ঘটনাটো ঘটিব পাৰে বুলি অনুমান কৰা হৈছে । ইয়াৰ অধিক অনুসন্ধান চলিব বুলি ইষ্ট কোষ্ট ৰে'লৱেই প্ৰকাশ কৰিছে ।
লগতে পঢ়ক :Manish Sisodia Bail Plea : উচ্চতম ন্যায়ালয়তো মুখ থেকেচা মনীষ ছিছোডিয়াৰ; জামিন আবেদন খাৰিজ শীৰ্ষ ন্যায়ালয়ৰ