নেশ্যনেল ডেস্ক, ১ জানুৱাৰী: অন্ধ্ৰ প্ৰদেশ আৰক্ষীৰ অভিযানত জব্দ বিদেশত প্ৰস্তুত কৰা বৃহৎ পৰিমাণৰ চিগাৰেট । আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, সৰবৰাহকাৰী চক্ৰই চিগাৰেটখিনি দিল্লীৰ পৰা অন্ধ্ৰ প্ৰদেশলৈ আনিছিল । আৰক্ষীয়ে শুক্ৰবাৰে বিজয়ৱাড়াত অভিযান চলাই অবৈধ চিগাৰেটখিনি জব্দ কৰে । জব্দকৃত চিগাৰেটখিনিৰ মূল্য ৩.৫ কোটি টকা । আৰক্ষীয়ে চিগাৰেট সৰবৰাহৰে জড়িত হাৰিয়ানাৰ এটা সৰবৰাহকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ।
অন্ধ্ৰ প্ৰদেশত বিদেশত প্ৰস্তুত কৰা প্ৰায় ৩.৫ কোটি টকাৰ চিগাৰেট জব্দ - চিগাৰেটখিনি দিল্লীৰ পৰা অন্ধ্ৰ প্ৰদেশলৈ আনিছিল
বিদেশত প্ৰস্তুত কৰা প্ৰায় ৩.৫ কোটি টকা মূল্যৰ চিগাৰেট জব্দ কৰিলে অন্ধ্ৰ প্ৰদেশ আৰক্ষীয়ে । ৰাজ্যখনৰ বিভিন্ন স্থানলৈ সৰবৰাহ কৰাৰ বাবে দিল্লীৰ পৰা অনা হৈছিল অবৈধ চিগাৰেটখিনি । সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।

অন্ধ্ৰ প্ৰদেশত বিদেশত প্ৰস্তুত কৰা প্ৰায় ৩.৫ কোটি টকাৰ চিগাৰেট জব্দ
সম্প্ৰতি পলাতক হৈ আছে সৰবৰাহকাৰীটো । উল্লেখ্য যে, মাদক দ্ৰব্য সংশোধন নীতি ২০১৭ৰ অধীনত চিগাৰেটৰ পেকেটত সতৰ্কতামূলক ছবি থকাটো বাধ্যতামূলক । কিন্তু বিদেশত প্ৰস্তুত কৰা চিগাৰেটৰ পেকেটত এই ছবি নাই । সেয়ে চিগাৰেটখিনি জব্দ কৰে আৰক্ষীয়ে ।
লগতে পঢ়ক:Covishield-ৰ আপাতকালীন ব্যৱহাৰৰ বাবে DCGIক প্ৰস্তাৱ প্ৰদান কৰাৰ সম্ভাৱনা SEC ৰ