নেশ্যনেল ডেস্ক, ১০ ছেপ্টেম্বৰ :তেলেগু দেশম পাৰ্টিৰ (টিডিপি) মুৰব্বী এন চন্দ্ৰবাবু নাইডুক দেওবাৰে পুৱা দক্ষতা বিকাশ নিগমৰ কেলেংকাৰী সন্দৰ্ভত বিজয়ৱাড়াৰ দুৰ্নীতি বিৰোধী ব্যুৰ' (এচিবি) আদালতত হাজিৰ কৰোৱা হয় । প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰতে আদালতত হাজিৰ কৰোৱা হয় ।
ইয়াৰ পূৰ্বে, তেওঁক চিকিৎসা পৰীক্ষাৰ বাবে বিজয়ৱাড়া চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হৈছিল । পাছত তেওঁক এছআইটি কাৰ্যালয়লৈ লৈ যোৱা হয় । শনিবাৰে, চন্দ্ৰবাবু নাইডুক অন্ধ্ৰপ্ৰদেশ অপৰাধ অনুসন্ধান শাখাই (চিআইডি) দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল । বিষয়াসকলৰ মতে, এই গোচৰটো অন্ধ্ৰপ্ৰদেশত উৎকৰ্ষ কেন্দ্ৰৰ (চি.ও.ই.) গোট স্থাপনৰ সৈতে জড়িত । যিটো আঁচনিৰ মুঠ আনুমানিক প্ৰকল্প মূল্য ৩৩০০ কোটি টকা ।
সংস্থাটোৰ বিষয়াসকলে দাবী কৰিছে যে কথিত প্ৰৱঞ্চনাটোৰ দ্বাৰা ৰাজ্য চৰকাৰৰ ৩০০ কোটি টকাৰ অধিক বৃহৎ ক্ষতি হৈছে । চিআইডিৰ মতে তদন্তত গুৰুতৰ অনিয়মৰ কথা প্ৰকাশ পাইছে ।