নেশ্যনেল ডেস্ক, 8 ডিচেম্বৰ : উত্তৰ প্ৰদেশৰ দেৱনাথপুৰৰ কাশী কৈলাশ ভৱনৰ এছ 6 নং কোঠাত জঘন্য ঘটনা সংঘটিত হৈছে ৷ এটা পৰিয়ালৰ 4 গৰাকী লোকে আত্মহত্যাৰ পথ বাচি লোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷ পৰিয়ালটোৱে মৃত্যুৰ পূৰ্বে এখন ছুইচাইড নোট লিখি থৈ গৈছে ৷ ছুইচাইড নোটখনৰ অনুসৰি পৰিয়ালটো অন্ধ্ৰ প্ৰদেশৰ বুলি জানিব পৰা গৈছে ৷
আৰক্ষীৰ তদন্ত অনুসৰি, অন্ধ্ৰ প্ৰদেশৰ পৰিয়ালটোৱে তিনিজন বেলেগ বেলেগ লোকৰ পৰা 12 লাখ টকা ধাৰ হিচাপে লৈছিল। পৰিয়ালটোৱে 6 লাখ টকা খৰচ কৰাৰ পিচত বাকী ৰোৱা 6 লাখ টকা উভতাই দিবলৈ গৈছিল ৷ কিন্তু ধন দাতাই পৰিয়ালটোক গোটেই ধনৰ পৰিমাণটো সূদসহ ঘূৰাই দিবলৈ কৈছিল। ইফালে সূদৰ পৰিমাণো বেছি আছিল ৷ ফলত পৰিয়ালটোক লোৱা ধনতকৈ অধিক পৰিমাণৰ ধন ঘূৰাই দিবলৈ কৈছিল ৷ তেতিয়াৰ পৰা পৰিয়ালটোত ধনৰ চিন্তাত বেমেজালিৰ সৃষ্টি হৈছিল ৷
লগতে নোটত উল্লেখ কৰা হৈছিল যে, ধন ধাৰে দিয়া লোকসকলে তেওঁলোকক প্ৰায় ভাবুকি দি আহিছিল ৷ ধনখিনি সোনকালে উভতাই নিদিলে পৰিয়ালটোক মৃত্যুৰ ভাবুকি দিছিল। যাৰ বাবে পৰিয়ালটো বিবুদ্ধিত পৰিছিল ৷ মৃতকেইগৰাকী কোণ্ডা বাবু (50), কোণ্ডা বাবুৰ পত্নী লাৱণ্য (45) বৰপুত্ৰ ৰাজেশ (25) আৰু কণিষ্ঠ পুত্ৰ জয়ৰাজ (23) বুলি চিনাক্ত কৰা হৈছে ৷ পৰিয়ালটোৱে লগ হৈ একেটা কোঠাতে আত্মহত্যা কৰিছিল ৷