নিউজ ডেস্ক, ১২ ছেপ্টেম্বৰ :বিজয়ৱাড়াৰ এখন স্থানীয় আদালতে মঙলবাৰে টিডিপিৰ মুৰব্বী তথা অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে দাখিল কৰা গৃহ জিম্মাৰ আবেদন নাকচ কৰি কয় যে তেওঁ কাৰাগাৰত অধিক সুৰক্ষিত হ'ব । কিয়নো তেওঁৰ যি সচৰাচৰ জেড-প্লাছ নিৰাপত্তা সেয়া গৃহবন্দী অৱস্থাত তেওঁক প্ৰদান কৰা নহ'ব পাৰে ।
প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক বহু কোটি টকাৰ দক্ষতা বিকাশ নিগম কেলেংকাৰীত তেওঁৰ ভূমিকাৰ বাবে গ্ৰেপ্তাৰ কৰা হয় । তাৰ পিছত দেওবাৰে বিজয়ৱাড়াৰ এখন স্থানীয় আদালতে নাইডুক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পিছত বৰ্তমান ৰাজমহেন্দ্ৰভাৰাম কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে ।
সোমবাৰে নাইডুক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা সিদ্ধাৰ্থ লুথৰাৰ নেতৃত্বত অধিবক্তাৰ এটা দলে ভাবুকিৰ আশংকা উল্লেখ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীজনক গৃহ জিম্মা প্ৰদানৰ বাবে এখন আবেদন দাখিল কৰে ।
উল্লেখ্য যে নাইডুৱে ইতিমধ্যে কেইবা বছৰ ধৰি জেড-প্লাছ শ্ৰেণীৰ নিৰাপত্তা সুৰক্ষা লাভ কৰি আছে । এনএছজি কমাণ্ডোৰ এটা দলে তেওঁক সদায় পহৰা দিয়ে ।
"গৃহবন্দীত্ব মঞ্জুৰ কৰা হোৱা নাই । গৃহবন্দী নকৰাৰ বাবে ন্যায়ালয়ে উল্লেখ কৰা কাৰণটো হৈছে নিৰাপত্তা ।" নাইডুৰ অধিবক্তা জয়কৰ মাট্টাই পিটিআইক জনায় ।