অসম

assam

ETV Bharat / bharat

ৰহস্যময় ৰোগত আক্ৰান্ত লোকক সাক্ষাৎ অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ

সোমবাৰে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই. এছ. জগন মোহন ৰেড্ডীয়ে ইলুৰু হাস্পতালত ৰহস্যময় ৰোগীসকলক সাক্ষাৎ কৰে ৷ বৰ্তমানলৈকে ৰহস্য়ময় বেমাৰত আক্ৰান্ত হোৱা 345 গৰাকী লোক হাস্পতালখনত চিকিৎসাধীন হৈ আছে ৷

By

Published : Dec 7, 2020, 1:39 PM IST

Andhra CM visits mysterious illness patients in Eluru hospital
ৰহস্যময় ৰোগত আক্ৰান্ত লোকক সাক্ষাৎ অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্ক,7 ডিচেম্বৰ : সোমবাৰে ইলুৰু হাস্পতালত চিকিৎসাধীন হৈ থকা ৰহস্যময় ৰোগীসকলৰ স্বাস্থ্যৰ বুজ ল’বলৈ হাস্পতালত উপস্থিত হয় অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই. এছ. জগন মোহন ৰেড্ডী ৷ হাস্পতালখনত চিকিৎসাধীন হৈ থকা প্ৰায় সকলো ৰোগী আৰু তেওঁলোকক শুশ্ৰূষা কৰা লোকসকলক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

ৰহস্যময় ৰোগত আক্ৰান্ত লোকক সাক্ষাৎ অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী ৰেড্ডীয়ে ৰোগীসকলৰ বিচনাত বহি তেওঁলোকক সাক্ষাৎ কৰাৰ লগতে তেওঁলোকে গ্ৰহণ কৰা চিকিৎসাৰ বুজ লয় ৷ ৰোগীসকলৰ বেমাৰৰ লক্ষণৰ পৰা গম পোৱা গৈছে যে, শনিবাৰে পশ্চিম গোদাবৰী জিলাৰ মুখ্য কাৰ্যালয়ৰ ধৰ্ণাত হোৱা জেপ আঘাতৰ বাবে তেওঁলোক এইদৰে ৰহস্য়ময়ভাৱে অসুস্থ হৈ পৰে ৷

চৰকাৰ তথা স্থানীয় প্ৰশাসন সদায় তেওঁলোকৰ কাষত আছে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে ৰোগীসকলক আশ্বাস প্ৰদান কৰে ৷ হাস্পতালৰ পৰা ওভতাৰ পথত এই ৰোগ সম্পৰ্কে হাস্পতাল কৰ্তৃপক্ষৰ সৈতে বৈঠকত মিলিত হ’ব বুলি সদৰি কৰে মুখ্যমন্ত্ৰী ৰোড্ডীয়ে ৷ উল্লেখ্য যে, হাস্পতালখনত বৰ্তমানলৈকে 345 গৰাকী ৰহস্য়ময় ৰোগত আক্ৰান্ত হোৱা লোক চিকিৎসাধীন হৈ আছে ৷

লগতে পঢ়ক :অবৈধ সম্পত্তিৰ গোচৰত তেলেংগানাত গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

ABOUT THE AUTHOR

...view details