অসম

assam

ETV Bharat / bharat

অনিল কুম্বলেৰ টেষ্ট উইকেটৰ অভিলেখ ভংগ এণ্ডাৰছনৰ

ভাৰতীয় ক্ৰিকেটাৰ অনিল কুম্বলেৰ টেষ্ট উইকেটৰ অভিলেখ ভংগ কৰিলে ইংলেণ্ডৰ ফাষ্ট বলাৰ জেমছ এণ্ডাৰছনে । ভাৰত আৰু ইংলেণ্ডৰ মাজৰ প্ৰথম টেষ্টত এণ্ডাৰছনে কে এল ৰাহুল উইকেট লাভ কৰাৰ পাছতে কুম্বলেৰ ৬১৯টা টেষ্ট উইকেটৰ অভিলেখ ভংগ হয় ।

অনিল কুম্বলেৰ টেষ্ট উইকেটৰ অভিলেখ ভংগ এণ্ডাৰছনৰ
অনিল কুম্বলেৰ টেষ্ট উইকেটৰ অভিলেখ ভংগ এণ্ডাৰছনৰ

By

Published : Aug 7, 2021, 10:10 AM IST

স্প’ৰ্টছ ডেস্ক, ৭ আগষ্ট: শুকুৰবাৰে ভাৰত আৰু ইংলেণ্ডৰ মাজত প্ৰথম টেষ্টৰ তৃতীয় দিনা ইংলেণ্ডৰ ফাষ্ট বলাৰ জেমছ এণ্ডাৰছনে ভাৰতীয় ক্ৰিকেটাৰ অনিল কুম্বলেৰ ৬১৯টা টেষ্ট উইকেটৰ অভিলেখ ভংগ কৰে । খেলখনত দুটা উইকেট লাভ কৰে এণ্ডাৰছনে । ইয়াৰে এটা হৈছে কে এল ৰাহুলৰ উইকেট ।

উইকেটকীপাৰ আছিল জছ বাটলাৰ । ১৬৩ সংখ্যক শৃংখলা খেলি থকা এণ্ডাৰছনে এতিয়া মাত্ৰ শ্ৰীলংকাৰ মুথিয়া মুৰলীধৰণ (৮০০ টেষ্ট স্কেলপ) আৰু অষ্ট্ৰেলিয়াৰ শ্বেন ৱাৰ্ণ(৭০৮টা উইকেট)ৰ অভিলেখ ভংগ কৰিবলৈ বাকী আছে । এণ্ডাৰছনে ২০০৩ চনত ক্ৰিকেটৰ জগতখনত আত্মপ্ৰকাশ কৰিছিল ।

শৃংখলাত উইকেটৰ ক্ষেত্ৰত এণ্ডাৰছন আটাইতকৈ সফল পেচাৰ । দ্বিতীয় দিনা এণ্ডাৰছনে প্ৰথমে চেতেশ্বৰ পূজাৰাৰ উইকেট লৈছিল আৰু তাৰ পিছত বিৰাট কোহলীৰ উইকেট লয় ।

লগতে পঢ়ক: ‘খেল ৰত্ন’ বঁটাক ধ্যান চান্দৰ নামেৰে নামাকৰণৰ সিদ্ধান্তক আদৰণি ভাৰতীয় ক্ৰীড়া সমিতিৰ

ABOUT THE AUTHOR

...view details