নিউজ ডেস্ক, ১৪ ছেপ্টেম্বৰ :বুধবাৰে জম্মু-কাশ্মীৰৰ অনন্তনাগত সন্ত্ৰাসবাদীৰে সংঘটিত সংঘৰ্ষত তিনিজনকৈ নিৰাপত্তা বিষয়া শ্বহীদ হয় । তাৰে ভিতৰত এগৰাকী হৈছে পঞ্চকুলাৰ বাসিন্দা কৰ্ণেল মনপ্ৰীত সিং । তেওঁ শ্বহীদ হোৱাৰ বাতৰি প্ৰকাশৰ পিছতে পঞ্চকুলা আৰু মোহালিত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে । কৰ্ণেল মনপ্ৰীত সিঙৰ নশ্বৰ দেহ বৃহস্পতিবাৰে মোহালি জিলাৰ তেওঁৰ জন্মস্থান ভঞ্জোৰিয়াত উপস্থিত হ'ব । মনপ্ৰীত সিঙৰ নশ্বৰ দেহ বিয়লি তেওঁৰ জন্মভূমিত গৈ উপস্থিত হ'ব বুলি আশা কৰা হৈছে ।
শ্বহীদ মনপ্ৰীত সিঙে তেওঁৰ পত্নী আৰু দুই সন্তানক এৰি থৈ গৈছে । আনহাতে, তেওঁ শ্বহীদ হোৱাৰ বাতৰি প্ৰকাশৰ পিছৰে পৰা পঞ্চকুলা ছেক্টৰ-২৬ত থকা তেওঁৰ বাসগৃহ আৰু মোহালিৰ তেওঁৰ জন্মভূমিত নীৰৱতাই বিৰাজ কৰিছে । তেওঁৰ পত্নী জগমিত, ভগ্নী আৰু ভাতৃ পঞ্চকুলাত তেওঁৰ ঘৰত থাকে । মনপ্ৰীতৰ পত্নী এগৰাকী শিক্ষয়িত্ৰী । অৱশ্যে তেওঁৰ শ্বহীদৰ খবৰ তেওঁৰ পত্নী আৰু সন্তানক বহু সময় ধৰি দিয়া হোৱা নাছিল । তেওঁলোকক কোৱা হৈছিল যে তেওঁ আঘাতপ্ৰাপ্ত হৈছে ।
তথ্য অনুসৰি, শ্বহীদ কৰ্ণেল মনপ্ৰীত সিঙৰ ককাক শীতল সিং, পিতৃ প্ৰয়াত লখমিৰ সিং আৰু খুৰাক ৰঞ্জিত সিঙো ভাৰতীয় সেনাত নিযুক্ত আছিল । মনপ্ৰীত সিঙৰ পিতৃয়ে সেনাৰ পৰা অৱসৰ লোৱাৰ পিছত পঞ্জাব বিশ্ববিদ্যালয়ত নিৰাপত্তা ছুপাৰভাইজাৰ হিচাপেও কাম কৰিছিল ।