নেশ্যনেল ডেস্ক, 9 আগষ্ট :জম্মু-কাশ্মীৰৰ অনন্তনাগত সন্দেহযুক্ত সন্ত্ৰাসবাদীয়ে গুলিয়াই হত্যা কৰিলে এগৰাকী বিজেপি নেতা আৰু তেওঁৰ পত্নীক ৷ দুয়ো পতি-পত্নী কুলগামৰ ৰেডৱানীৰ বাসিন্দা আছিল যদিও অনন্তনাগত ভাড়াতীয়া হিচাপে বাস কৰি আছিল ৷
জম্মু-কাশ্মীৰৰ বিজেপি নেতা আলটাফ ঠাকুৰে এই ঘটনা সন্দৰ্ভত কয়, "অনন্তনাগত সন্ত্ৰাসবাদীৰ আক্ৰমণত গুলাম ৰাচুল দাৰ আৰু তেওঁৰ পত্নী নিহত হয় ৷ গুলাম ৰাচুল দাৰ গুলগাম বিজেপি কিষাণ মৰ্চাৰ সভাপতি হোৱাৰ উপৰিও এগৰাকী পঞ্চায়ত সভাপতি আছিল ৷"
আৰক্ষীয়ে জনোৱা অনুসৰি, দাৰৰ অনন্তনাগৰ লাল চ’কস্থিত ভাড়াঘৰটোত লুকাই থকা অচিনাক্ত বন্দুকধাৰী দুৰ্বৃত্তই পতি-পত্নী দুয়োকে গুলিয়াই থৈ যায় ৷ এই আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুয়ো স্বামী-স্ত্ৰীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে দুয়োকে মৃত বুলি ঘোষণা কৰে ৷