অসম

assam

ETV Bharat / bharat

Nagaland Assembly Election 2023: হত্যাৰ অভিযুক্তয়ো প্ৰতিদ্বন্দিতা কৰিব নাগালেণ্ড বিধানসভা নিৰ্বাচনত ! - NDPP

2023ৰ নাগালেণ্ড বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে 7 গৰাকী বিভিন্ন অপৰাধৰ সৈতে জড়িত থকা ব্যক্তিয়ে ৷ আনহাতে 4 গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে আছে গুৰুতৰ অপৰাধমূলক গোচৰ ৷ লগতে, 2 গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে আছে হত্যাকাণ্ড সংঘটিত কৰাৰ গোচৰ ৷

Nagaland Assembly Election 2023
নালেণ্ড বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব হত্যাকাণ্ডত জড়িত 2 প্ৰাৰ্থীয়ে

By

Published : Feb 15, 2023, 6:46 PM IST

নেশ্যনেল ডেস্ক, 15 ফেব্ৰুৱাৰী:27 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব নাগালেণ্ডৰ বিধানসভা নিৰ্বাচন ৷ কিন্তু তাৰ পূৰ্বে প্ৰকাশ কৰা হৈছে বিভিন্ন দলৰ পৰা প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীসকলৰ অপৰাধমূলক গোচৰ, বিত্তীয়, শিক্ষা, লিংগ আৰু অন্যান্য বিৱৰণৰ বিশ্লেষণ ৷ নাগালেণ্ড ইলেকশ্যন ৱাটচ এণ্ড এছ'চিয়েশ্যন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছে (এডিআৰ) নাগালেণ্ড বিধানসভা নিৰ্বাচন 2023ত প্ৰতিদ্বন্দিতা কৰা মুঠ 184 গৰাকী প্ৰাৰ্থীৰ শপতনামা বিশ্লেষণ কৰিছে । বিশ্লেষণ কৰা 184 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 68 গৰাকী ৰাষ্ট্ৰীয় দলৰ, 72 গৰাকী ৰাজ্যিক দলৰ, 25 গৰাকী পঞ্জীয়নভুক্ত অস্বীকৃত দলৰ আৰু 19 গৰাকী প্ৰাৰ্থী নিৰ্দলীয় ৷

উল্লেখ্য যে, 2018 চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীতকৈ এইবাৰ প্ৰতিদ্বন্দিতা কৰিছে অপৰাধৰ গোচৰত নাম সাঙুৰ খোৱা অধিক প্ৰাৰ্থীয়ে (Criminal background of candidates) ৷

অপৰাধৰ সৈতে জড়িত থকা প্ৰাৰ্থী : মুঠ 184 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 7 গৰাকী অৰ্থাৎ 4 শতাংশ প্ৰাৰ্থীয়ে নিজৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ থকাৰ কথা শপতনামাত উল্লেখ কৰিছে । 2018 চনত নাগালেণ্ড বিধানসভা নিৰ্বাচনত মুঠ 193 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 3 গৰাকী অৰ্থাৎ 2 শতাংশ প্ৰাৰ্থী আছিল অপৰাধৰ সৈতে জড়িত (Candidates with criminal cases) ।

অপৰাধৰ সৈতে জড়িত প্ৰাৰ্থীৰ পৰিসংখ্যা

গুৰুতৰ অপৰাধৰ সৈতে জড়িত থকা প্ৰাৰ্থী:এইবাৰ প্ৰতিদ্বন্দিতা কৰিব লগা 4 গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে আছে গুৰুতৰ অপৰাধমূলক গোচৰ ৷ আনহাতে 2018 চনৰ নাগালেণ্ড বিধানসভা নিৰ্বাচনত 3 গৰাকী প্ৰাৰ্থী আছিল গুৰুতৰ অপৰাধৰ সৈতে জড়িত (Candidates with serious criminal cases) ৷

দল অনুসৰি অপৰাধ গোচৰ থকা প্ৰাৰ্থী: বিশ্লেষণটোত প্ৰকাশ কৰা অনুসৰি NDPP দলৰ 40 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 2 গৰাকী প্ৰাৰ্থী, বিজেপি দলৰ 20 গৰাকী প্ৰাৰ্থীৰ ভিতৰত এগৰাকী প্ৰাৰ্থী, NPF দলৰ পৰা বিশ্লেষণ কৰা 22 গৰাকী প্ৰাৰ্থীৰ ভিতৰত এগৰাকী প্ৰাৰ্থী আৰু কংগ্ৰেছৰ দলৰ 23 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 1 গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ ৷

দল অনুসৰি গুৰুতৰ অপৰাধমূলক গোচৰ থকা প্ৰাৰ্থী: মুখ্য দলবোৰৰ ভিতৰত এনডিপিপিৰ (NDPP) পৰা বিশ্লেষণ কৰা 40 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 1 গৰাকী, বিজেপিৰ পৰা বিশ্লেষণ কৰা 20 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 1 গৰাকী আৰু এনপিএফৰ (NPF) দলৰ পৰা বিশ্লেষণ কৰা 22 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 1 গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে আছে গুৰুতৰ অপৰাধমূলক গোচৰ ৷

উল্লেখ্য যে, এইসকল প্ৰাৰ্থীৰ ভিতৰত দুগৰাকীৰ বিৰুদ্ধে হত্যাকাণ্ডত জড়িত থকাৰ গোচৰ ৷ আনহাতে, 1 গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে আছে হত্যাকাণ্ড সংঘটিত কৰিবলৈ চেষ্টা কৰা গোচৰ (Candidates related to murder) ৷

বিত্তীয় তথা সম্পত্তি বিশ্লেষণ: মুখ্য দলসমূহৰ ভিতৰত বিজেপিৰ পৰা বিশ্লেষণ কৰা 20 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 18 গৰাকী, NPF দলৰ পৰা বিশ্লেষণ কৰা 22 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 13 গৰাকী, NDPP দলৰ পৰা বিশ্লেষণ কৰা 40 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 38 গৰাকী, JD(U)ৰ পৰা বিশ্লেষণ কৰা 7 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 4 গৰাকী, কংগ্ৰেছ দলৰ পৰা বিশ্লেষণ কৰা 23 গৰাকী প্ৰাৰ্থীৰ পৰা 6 গৰাকী প্ৰাৰ্থীৰ সম্পত্তি 1 কোটিতকৈয়ো অধিক (Financial background of candidates) ৷

বিশ্লেষণ কৰা 40 গৰাকী এনডিপিপি প্ৰাৰ্থীৰ প্ৰতিজনৰ গড় সম্পত্তি হৈছে 7.47 কোটি টকা, 23 গৰাকী কংগ্ৰেছৰ প্ৰাৰ্থীৰ গড় সম্পত্তি 65.98 লাখ টকা, 22 গৰাকী এনপিএফ প্ৰাৰ্থীৰ গড় সম্পত্তি 2.32 কোটি টকা, বিশ্লেষণ কৰা 20 গৰাকী বিজেপি প্ৰাৰ্থীৰ গড় সম্পত্তি 6.58 কোটি টকা আৰু 7 গৰাকী জেডি(ইউ) প্ৰাৰ্থীৰ গড় সম্পত্তি হৈছে 5.1 কোটি টকা ।

লগতে পঢ়ক:Meghalaya Assembly Election: মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ইস্তাহাৰ প্ৰকাশ

ABOUT THE AUTHOR

...view details