আগৰতলা ডেস্ক, ৮ নৱেম্বৰ: 'আজাদী কা অমৃত মহোৎসৱ' কাৰ্যসূচীৰ অংশ হিচাপে দেওবাৰে ত্ৰিপুৰাৰ আগৰতলাৰ ৰবীন্দ্ৰ শতবাৰ্ষিকী ভৱনত আয়োজন কৰা হ'ল মত বিনিময় অনুষ্ঠান । উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ তথা ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণৰ কাৰ্যকৰী অধ্যক্ষ ন্যায়াধীশ উদয় উমেশ ললিতে এই অনুষ্ঠানটি উদ্বোধন কৰে । ত্ৰিপুৰা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ সহযোগত 'শিশুৰ অধিকাৰ, শিশুৰ সুৰক্ষা: আশা প্ৰদান' শীৰ্ষক মত বিনিময় অনুষ্ঠানৰ লগতে পোষ্টাৰ প্ৰদৰ্শনীও অনুষ্ঠিত কৰা হয় ।
অনুষ্ঠানটি উদ্বোধন কৰি ন্যায়াধীশ উদয় উমেশ ললিতে কয় যে, সমাজত শিশুৰ অধিকাৰ সুৰক্ষা কৰাৰ ক্ষেত্ৰত সকলোৱে গুৰুত্ব প্ৰদান কৰা উচিত । তেওঁ লগতে কয় যে, শিশুৰ সামগ্ৰিক বিকাশ আৰু অধিকাৰ সুৰক্ষা নিশ্চিত কৰিব লাগিব । ন্যায়াধীশগৰাকীয়ে জনায় যে, সংবিধানত শিক্ষাৰ অধিকাৰৰ বিষয়ে উল্লেখ থকা অনুসৰি, ৬-১৪ বছৰ বয়সৰ সকলো শিশুৱে শিক্ষা লাভ কৰাটো নিশ্চিত কৰিব লাগে । লগতে, শিক্ষাৰ মানৰ ওপৰতো গুৰুত্ব দিয়া উচিত, যাতে তেওঁলোক শিক্ষিত হ'ব পাৰে । তেওঁ কয় যে, ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণে শিশুসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে কাম কৰি আহিছে ।