অসম

assam

Woman living in a Honda city: ডুবাইত চাৰি বছৰ ধৰি এখন হোণ্ডা চিটীত বাস কৰিছে এগৰাকী ভাৰতীয় মহিলাই

সুদীৰ্ঘ চাৰিবছৰ ধৰি ডুবাইত আলিয়ে গ’লিয়ে এখন হোণ্ডা চিটীত জীৱন অতিবাহিত কৰিছে এগৰাকী ভাৰতীয় মহিলাই (Indian woman living in a Honda city) ৷ কিন্তু কিয় ? জানক সবিশেষ....

By

Published : Apr 9, 2023, 10:44 PM IST

Published : Apr 9, 2023, 10:44 PM IST

Indian woman living in a Honda city for 4 years in Dubai
ডুবাইত চাৰি বছৰ ধৰি এখন হোণ্ডা চিটীত বাস কৰিছে এগৰাকী ভাৰতীয় মহিলাই

ইণ্টাৰনেশ্য়নেল ডেস্ক, 9 এপ্ৰিল: "ৰোড ট্ৰিপ" অৰ্থাৎ "পথ ভ্ৰমণ" কাৰ প্ৰিয় নহয় ? ৰোড ট্ৰিপ বুলি ক’লেই পাহাৰ, নদী, প্ৰকৃতিৰ নৈসৰ্গিক দৃশ্য, একাপ চাহ, একাপ কফী খোৱা আৰু গাড়ীত কটোৱাৰ আমেজেই সুকীয়া ৷ কিন্তু প্ৰতিটো "ৰোড ট্ৰিপে"ই যে আনন্দদায়ক হ’ব তেনে নহয় ৷ আমি আজি আপোনোলোকক ক’বলৈ ওলাইছো এটি "অভিশপ্ত ৰোড ট্ৰিপ"ৰ কথা ৷ এইটো ৰোড ট্ৰিপত মুখ্য চৰিত্ৰ হৈছে এখন বিশেষ হোণ্ডা চিটী বাহন (Indian woman living in a Honda city) ৷ এখন হোণ্ডা চিটী বাহন, এগৰাকী মহিলা আৰু তেওঁৰ চাৰিবছৰীয়া দুৰ্বিসহ জীৱনৰ এটা বিশেষ ৰোড ট্ৰিপ (Tragic story of a Woman)৷

যোৱা 40 বছৰ ধৰি সোণৰ নগৰী খ্যাত ডুবাইত প্ৰিয়া নামৰ এগৰাকী মহিলাই তেওঁৰ পৰিয়ালৰ সৈতে বাস কৰি আহিছে ৷ প্ৰিয়াৰ পিতৃ-মাতৃয়ে ব্যৱসায় সূত্ৰে ডুবাইতে থিতাপি লৈছিল ৷ অন্য লোকৰ দৰেই তেওঁলোকেও আভিজাত জীৱন যাপন কৰিছিল (woman living in a Honda city) ৷ কিন্তু অসমীয়াত এষাৰ কথা আছে বিধিৰ লিখন নহয় খণ্ডন ৷ বিধিৰ কাল চকু পৰিছিল প্ৰিয়াহঁতৰ সুখী পৰিয়ালটোত ৷ অকস্মাতে এদিন প্ৰিয়াৰ পিতৃৰ মৃত্যুৰ পিচতে কাল অমানিশা নামি আহিছিল প্ৰিয়া আৰু মাতৃৰ জীৱনলৈ ৷

প্ৰিয়াৰ পিতৃৰ মৃত্যুৰ পিচতে তেওঁৰ মাতৃ অসুস্থ হৈ পৰিছিল ৷ ফলত বছৰ বছৰ বিচনাতে জীৱন কটাইছিল প্ৰিয়াৰ মাতৃয়ে ৷ প্ৰিয়াই মাতৃৰ জীৱন বচাবলৈ যথেষ্ট ধন ব্যয় কৰিব লগা হৈছিল, ঠিক তেনে সময়তে প্ৰিয়াহঁতৰ ব্যৱসায়ো অধিক লোকচানৰ সন্মুখীন হৈছিল ৷ যাৰ ফলত প্ৰিয়াৰ দুজনীয়া পৰিয়ালটোৱে আৰ্থিক দৈন্যতাত ভুগিবলগীয়া হৈছিল ।

ভগৱানে কেৱল ইমানতেই ক্ষান্ত নাথাকি কেইবছৰমানৰ পূৰ্বে প্ৰিয়াৰ মাতৃকো অচিন দেশলৈ গৈছিল ৷ প্ৰিয়াৰ মাকৰ মৃত্যু হোৱালৈ ইতিমধ্যে প্ৰিয়াহঁতৰ ঘৰখন আৰু এখন বাহনৰ বাদে একোৱেই হাতত নাছিল ৷ মাতৃৰ মৃত্যুৰ পিচত ঘৰৰ ভাড় বহন কৰিব নোৱাৰি প্ৰিয়াই ঘৰটো এৰিব লগীয়া হৈছিল ৷ প্ৰিয়াই বহুবাৰ পৰিয়াল, বন্ধু-বন্ধৱীৰ পৰা সহায় ল’বলৈ চেষ্টা কৰিছিল যদিও বিফল হৈছিল ৷ শেষৰ সময়লৈ প্ৰিয়াৰ লগৰী হিচাপে থকা দুটা কুকুৰৰ সৈতে তাই হোণ্ডা চিটী চেডান বাহনখনতেই জীৱন অতিবাহিত কৰিবলৈ ঠিৰাং কৰিলে (woman living in a Honda city for 4 years) ৷

ইফালে ইয়াৰে এটা কুকুৰ আছিল অন্ধ ৷ তিনিজনীয়া পৰিয়ালটো কোনো ৰকমে জীয়াই থাকিবলৈকে প্ৰিয়াই জীৱিকাৰ সন্ধান কৰিবলৈ আৰম্ভ কৰিলে ৷ কোনোমতে প্ৰিয়াই এগৰাকী বন্ধুৰ ঘৰত কাম কৰিবলৈ মনস্থ কৰিলে ৷ প্ৰিয়াক কামৰ বিনিময়ত দিব 500 ডি এইছ এইছ ৷ লাহে লাহে প্ৰিয়াই ইঘৰ সিঘৰকে অঞ্চলটোৰ প্ৰায় লোকৰ ঘৰতেই বনকৰা যুৱতী হিচাপে কাম কৰিবলৈ ধৰিলে ৷

ইফালে দিন বাগৰি যোৱাৰ লগে লগে ভাৰতত বাস প্ৰিয়াৰ ভাতৃও ৰোগত আক্ৰান্ত হ’ল ৷ উপায়হীন হৈ প্ৰিয়াই নিজ দৰমহাৰ ধনখিনি ভাতৃৰ চিকিৎসাৰ কাৰণে ভাৰতলৈ প্ৰেৰণ কৰা আৰম্ভ কৰিলে ৷ আনহাতে প্ৰিয়া ডুবাইৰ ভিছাৰ ম্যাদ উকলি গৈছিল ৷ তাই অবৈধভাৱে ডুবাইত বাস কৰি আছিল ৷ সেয়েহে তাই কামৰ বাবদ অধিক মজুৰি বিচাৰিবও নোৱাৰে বা উন্নত দৰমহাৰ বাবে দাম দৰ কৰাৰ অনুমতি নাছিল ৷

লাহেকৈ প্ৰিয়াৰ বাহনখনেই তেওঁৰ বাসস্থান হ’বলৈ আৰম্ভ কৰিছে ৷ যোৱা চাৰি বছৰ ধৰি দুটা কুকুৰৰ সৈতে হোণ্ডা বাহনখনতেই বাস কৰি আহিছে প্ৰিয়াই ৷ ক্ৰমাৎ প্ৰিয়াই একে ঠাইতে বাস কৰাটো অসম্ভৱ হৈ পৰিল ৷ প্ৰিয়াই প্ৰতি চাৰিমাহৰ মূৰে মূৰে নিজ গাড়ীখনত তেল ভৰাই আৰু নতুন এটা স্থানলৈ যাত্ৰা কৰে ৷ প্ৰিয়াই এবাৰত তেল ভৰালে প্ৰায় চাৰি মাহলৈ গাড়ী চলাব পাৰে ৷

কাৰণ তেওঁ স্থান সলনি কৰাৰ পিচত বাহনখন নচলায়, তেওঁ ইন্ধন ৰাহি কৰিবলৈ গাড়িৰ খিৰিকীবোৰ তললৈ নমাই ৰাখি এচিৰ ব্যৱহাৰ নকৰে ৷ প্ৰিয়াই পৰিধান কৰিবলৈ মাত্ৰ তিনিযোৰ পোছাকহে আছে ৷ প্ৰিয়াই 3 বছৰৰ পূৰ্বে শেষবাৰৰ বাবে বজাৰ কৰিছিল ৷

প্ৰিয়াৰ তিনিটাকৈ স্নাতক ডিগ্ৰী আছে ৷ প্ৰিয়াৰ অৰ্হতা অনুযায়ী বৰ্তমান তেওঁ 80,000 ডিএইচএছ মূল্য উপাৰ্জন কৰা ক্ষমতা আছে , যি ভাৰতীয় মূল্যত 18 লাখ টকাৰ সমসাময়িক ৷

আনকি প্ৰিয়াই মাতৃৰ মৃত্যুৰ পিচৰে পৰা বাহনখনত মাতৃৰ চিতাভস্ম কঢ়িয়াই লৈ ফুৰে ৷ ভাৰতৰ এখন নদীত তেওঁৰ চিতাভস্ম বিসৰ্জন দিয়াটো প্ৰিয়াৰ মাতৃৰ অন্তিম ইচ্ছা আছিল । কিন্তু ভ্ৰমণৰ নিষেধাজ্ঞা আৰু দেশখনত অবৈধ নাগৰিক হিচাপে বাস কৰাৰ গোচৰৰ বাবে প্ৰিয়াই ডুবাই এৰি আহিব নোৱাৰে ৷

সম্প্ৰতি প্ৰিয়াই সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এক ভিডিঅ’ৰ যোগেৰে এই ঘটনা পোহৰলৈ আহে ৷ ইউটিউব মাধ্যমৰ জড়িয়তে এটা ভিডিঅ’ত প্ৰিয়াই বাহনখনত কেনেদৰে জীৱন নিৰ্বাহ কৰিছে তাক দেখুওৱা হৈছিল ৷

লগতে পঢ়ক: Hindu temple vandalised in Canada : কানাডাৰ হিন্দু মন্দিৰত দুৰ্বৃত্তৰ আক্ৰমণ

ABOUT THE AUTHOR

...view details