নেশ্যনেল ডেস্ক, ২৩ জুন: পুনৰ জম্মু-কাশ্মীৰত অশান্ত হৈ পৰিছে পৰিস্থিতি । বুধবাৰে দক্ষিণ কাশ্মীৰৰ শ্বপিয়ান জিলাৰ শিৰমল অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয় । টুইটযোগে কাশ্মীৰ আৰক্ষীয়ে জনাইছে যে, আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুটীয়া অভিযান চলাইছিল । শ্বপিয়ানৰ শিৰমল অঞ্চলত সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকাৰ খবৰ পোৱাৰ পিছতে আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে অভিযান চলায় ।
বৰ্তমানেও আৰক্ষী আৰু সুৰক্ষা বাহিনীৰ অভিযান অব্যাহত আছে । আৰক্ষী আৰু সেনাৰ এটা যুটীয়া দলে অঞ্চলটো ঘেৰাও কৰাৰ পিছত আৰু সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে লাভ কৰা নিৰ্দিষ্ট তথ্যৰ ওপৰত ভিত্তি কৰি তালাচী অভিযান আৰম্ভ কৰে আৰু সন্ত্ৰাসবাদীৰে সংঘৰ্ষ হয় । সন্ত্ৰাসবাদী আত্মগোপন কৰি থকা স্থানত নিৰাপত্তা বাহিনী উপস্থিত হোৱাৰ লগে লগে সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে । অঞ্চলটোত ২-৩ জন সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি আছে ।