অসম

assam

ETV Bharat / bharat

13 ঘন্টাৰ ভিতৰত ক’ভিডত নিঃশেষ এটা পৰিয়াল - চফ্টৱেৰ অভিযন্তা

মহামাৰীৰ কালৰূপত তচনচ হৈ গ’ল এটা পৰিয়াল ৷ 13 ঘন্টাৰ ভিতৰত সম্পূৰ্ণৰূপে নিঃশেষ হৈ গ’ল এটা পৰিয়াল ৷ ক’ভিড মহামাৰীত প্ৰাণ হেৰুৱালে পিতৃ, মাতৃ আৰু পুত্ৰই ৷ ঘটনাটো সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ শিৰ্শী অঞ্চলত ৷

An awful incident
An awful incident

By

Published : May 20, 2021, 10:54 PM IST

নিউজ ডেস্ক, 20 মে’ : মহাৰাষ্ট্ৰৰ শিৰ্শীত সংঘটিত হৈছে এটা হৃদয় বিদাৰক ঘটনা ৷ মাত্ৰ 13 ঘন্টাৰ বিতৰতে কৰ’ণাত প্ৰাণ হেৰুৱালে এটা পৰিয়ালৰ আটাইকেইগৰাকী সদস্যই ৷ শিৰ্শীৰ এটা পাহাৰীয়া অঞ্চলত বাস কৰিছিল মহাদেৱ জিমুৰৰ পৰিয়ালে ৷ তেওঁলোকৰ পুত্ৰ মহাদেৱ শচীন জিমুৰ এগৰাকী চফ্টৱেৰ অভিযন্তা আছিল ৷ 15 দিন পূৰ্বে মুম্বাইৰ পৰা নিজৰ ঘৰলৈ গৈছিল শচীন ৷ সেই সময়চোৱাতে প্ৰথমে কৰ’ণাত আক্ৰান্ত হৈছিল তেওঁৰ মাতৃ সুশীল জিমুৰ ৷ যাৰ বাবে ঘৰলৈ উভতি যোৱাৰ সিদ্ধান্ত লৈছিল শচীনে ৷

মহাদেৱ জিমুৰ

ক্ৰমাৎ তেওঁৰ মাতৃৰ স্বাস্থ্যৰ অৱনতি ঘটনাত ভৰ্তি কৰোৱা হয় হাস্পতালত ৷ তাৰ পাচতে শচীনৰ পিতৃ মহাদেৱ জিমুৰো কৰ’ণাত আক্ৰান্ত হয় আৰু তেওঁকো হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ কিছুদিন পাচত শচীনৰ পিতৃ-মাতৃ স্বাস্থ্যৰ কিছু উন্নত অৱস্থালৈ আহে ৷ কিন্তু পুনৰ শচীনৰ পিতৃ অসুস্থ হৈ পৰে আৰু শচীনো আক্ৰান্ত হয় কৰ’ণাত ৷ সম্পূৰ্ণ পৰিয়ালটোকেই কৰ’ণা মহামাৰীয়ে গ্ৰাস কৰে ৷

সুশীল জিমুৰ

বুধবাৰে পুৱা 5 বজাত চিকিৎসাধীন অৱস্থাতে শচীনৰ পিতৃৰ মৃত্যু হয় ৷ সেই সময়ত ভেন্টিলেটৰত চিকিৎসাধীন হৈ আছিল শচীন আৰু মাতৃ ৷ যাৰ বাবে সম্পৰ্কীয় লোকে শচীনৰ পিতৃৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে ৷ পিতৃৰ মৃত্যুৰ 12 ঘন্টা পাচত বিয়লি 5 বজাত মৃত্যু হয় শচীনৰ মাতৃৰ আৰু তাৰ 1 ঘন্টা পাচতেই শচীনৰো মৃত্যু হয় চিকিৎসালয়ৰ বিচনাতে ৷ 13 ঘন্টাৰ ভিতৰতে মহামাৰী কৰ’ণাত নিঃশেষ হৈ গ’ল জিমুৰৰ পৰিয়ালটো ৷

শচীন জিমুৰ

লগতে পঢ়ক :স্বামীহাৰা মহিলাক মুখ্যমন্ত্ৰীয়ে ক’লে ‘‘হবদে মা মই চাই দিম দে’’

ABOUT THE AUTHOR

...view details