নেশ্যনেল ডেস্ক, ১৯ জুন: পঞ্জাৱ নেশ্যনেল বেংক(Punjab National Bank) ৰ পলাতক মুখ্য কোষাধ্যক্ষ ৰাজকুমাৰ নৰৱাৰিয়াক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে । ৰাজকুমাৰ নৰৱাৰিয়া পঞ্জাৱ নেশ্যনেল বেংকৰ মধ্য প্ৰদেশৰ উজ্জয়িনী জিলাৰ বদৰনগৰ শাখাৰ কাৰ্য়ালয়ৰ মুখ্য কোষাধ্যক্ষ আছিল । ৩ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছিল তেওঁৰ বিৰুদ্ধে । ইয়াৰ পিছৰে পৰা তেওঁ পলাতক হৈ আছিল ।
বেংকৰ প্ৰবন্ধক অজয় কুমাৰ ৰামৰ মতে, ৬ গৰাকী গ্ৰাহকৰ পৰা লোৱা ৩৬,৬৫,১৮৫ টকা বেকত জমা দিয়া নাছিল নৰৱাৰিয়াই । ইয়াৰ পিছতে তেওঁৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছিল । তেওঁ গ্ৰাহকসকলৰ পৰা ২০১৭ চনৰ ১৫ জুলাইৰ পৰা ২০১৯ চনৰ ২ আগষ্টৰ ভিতৰত মুঠ ৩ কোটি টকা লৈছিল আৰু তেওঁলোকক আশ্বাস দিছিল যে, এই ধনৰাশি তেওঁলোকৰ একাউণ্টত জমা কৰিব । মুখ্য কোষাধ্যক্ষগৰাকীয়ে পলায়ন কৰাৰ পিছত গ্ৰাহকসকলে বেংক প্ৰবন্ধক অজয় কুমাৰ ৰামক ৰাজকুমাৰৰ বিষয়ে প্ৰশ্ন কৰে ।
পিছত প্ৰবন্ধকগৰাকীয়ে কোষাধ্যক্ষগৰাকীৰ বিৰুদ্ধে অৰ্থনৈতিক অপৰাধ শাখাত এক অভিযোগ দাখিল কৰে ৷ এই অভিযোগৰ ভিত্তিতে অৰ্থনৈতিক অপৰাধ শাখাৰ বিষয়াই তদন্ত আৰম্ভ কৰে । শুকুৰবাৰে গোপন সূত্ৰ লাভ কৰাৰ পাছত অৰ্থনৈতিক অপৰাধ শাখাৰ বিষয়াসকলে অভিযুক্তক নৰৱাৰিয়াক ইন্দোৰৰ পৰা গ্ৰেপ্তাৰ কৰে আৰু আদালতত হাজিৰ কৰে ।