নিউজ ডেস্ক, ১৫ অক্টোবৰ : পুনৰ বৃদ্ধি পালে আমুল গাখীৰৰ মূল্য (Amul price hike) । গুজৰাটৰ বাহিৰে সকলো ৰাজ্যতে 'আমুল' ব্ৰেণ্ডৰ গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ মূল্য বৃদ্ধি কৰা হৈছে । আমুল গাখীৰৰ বিক্ৰেতা সংস্থা গুজৰাট সমবায় গাখীৰ বিপণন ফেডাৰেচনে (Gujarat Cooperative Milk Marketing Federation, GCMMF) প্ৰতি লিটাৰ ফুল ক্ৰীম গাখীৰ আৰু ম'হৰ গাখীৰৰ মূল্য ২ টকা বৃদ্ধি কৰা বুলি শনিবাৰে জনাইছে ।
জিচিএমএমএফৰ পৰিচালন সঞ্চালক আৰ এছ সোধীয়ে নতুন মূল্য তালিকাৰ বিষয়ে অৱগত কৰায় । এই বৃদ্ধিৰ ফলত ফুল ক্ৰীম গাখীৰৰ মূল্য প্ৰতি লিটাৰত 61 টকাৰ পৰা প্ৰতি লিটাৰত 63 টকালৈ বৃদ্ধি হৈছে । ইয়াৰ পূৰ্বে আগষ্ট মাহত প্ৰখ্যাত গাখীৰ ব্ৰেণ্ডটোৱে আভ্যন্তৰীণ ব্যয় বৃদ্ধিৰ কথা উল্লেখ কৰি 16 আগষ্টত গাখীৰৰ মূল্য প্ৰতি লিটাৰত 2 টকাকৈ বৃদ্ধি কৰিছিল (Amul milk price hike 2 rs) ।
আমুলে প্ৰকাশ কৰা বিবৃতিটোত কোৱা হৈছে যে প্ৰতি লিটাৰত 2 টকা বৃদ্ধি হৈছে সৰ্বাধিক খুচুৰা মূল্যত (MRP) 4 শতাংশ বৃদ্ধি । যিটো গড় খাদ্য মুদ্ৰাস্ফীতিতকৈ কম ।
"গাখীৰৰ সঞ্চালন আৰু উৎপাদনৰ সামগ্ৰিক ব্যয় বৃদ্ধিৰ বাবে এই মূল্যবৃদ্ধি কৰা হৈছে । যোৱা বছৰৰ তুলনাত কেৱল গৰুৰ খাদ্যৰ ব্যয় প্ৰায় ২০ শতাংশলৈ বৃদ্ধি পাইছে । আভ্যন্তৰীণ ব্যয় বৃদ্ধিৰ কথা বিবেচনা কৰি আমাৰ সদস্য ইউনিয়নবোৰেও পূৰ্বৰ বছৰৰ তুলনাত কৃষকৰ মূল্য 8-9 শতাংশৰ ভিতৰত বৃদ্ধি কৰিছে ।" বিবৃতিটোত এই কথাও কোৱা হৈছে ।
অৱশ্যে, উচ্চ মুদ্ৰাস্ফীতি ভাৰতৰ বাবে এক প্ৰত্যাহ্বান হৈছে । অভিলেখ সৃষ্টিৰে ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ নিৰ্দেশিত পৰিসৰৰ 2-6 শতাংশৰ ওপৰত আছে । বুধবাৰে প্ৰকাশিত তথ্যই দেখুৱাইছে যে খুচুৰা মুদ্ৰাস্ফীতি ছেপ্টেম্বৰত ৭.৪১ শতাংশলৈ বৃদ্ধি পাইছে, যিটো তাৰ পূৰ্বৰ মাহত ৭ শতাংশ আছিল ।
জনপ্ৰিয় গাখীৰ ব্ৰেণ্ড আমুল আৰু মাদাৰ ডেইৰী (Mother Dairy) দুয়োটায়ে অন্তিমবাৰৰ বাবে আগষ্ট মাহত গাখীৰৰ মূল্য প্ৰতি লিটাৰত ২ টকা বৃদ্ধি কৰিছিল যাতে তেওঁলোকৰ ব্যয় বৃদ্ধিৰ ক্ষতিপূৰণ কৰিব পৰা যায় । ইয়াৰ পূৰ্বে মাৰ্চ মাহতো মূল্যবৃদ্ধি কৰা হৈছিল ।
লগতে পঢ়ক :Himachal Pradesh Assembly Election: হিমাচল প্ৰদেশ বিধানসভা নিৰ্বা চনৰ ৰ্বা দিন ঘোষণ