ডিব্ৰুগড়, 4 মে’:ডিব্ৰুগড়ত উপস্থিত খালিস্তানী নেতা অমৃতপাল সিঙৰ পত্নী ৷ অমৃতপালক সাক্ষাৎ কৰিবৰ বাবে বৃহস্পতিবাৰে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হয় পত্নী কিৰণদ্বীপ কৌৰ (Amritpal wife Kirandeep kaur) ৷ কিৰণদ্বীপ কৌৰৰ লগতে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হয় আন এক কাৰাবন্দী নেতা দলজিৎ সিং কালচিৰ পত্নী নীৰু কালচি আৰু পুত্ৰ চিমাৰজিৎ সিং (Khalisatani family in Dibrugarh) ৷
উল্লেখ্য যে, অমৃতপালৰ সিঙৰ লগতে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে আন 9 খালাস্তানী নেতা ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে বিগত 27 এপ্ৰিলত পঞ্জাৱৰ পৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হৈছিল শিৰোমণি গুৰুদ্বাৰ প্ৰৱন্ধক সমিতিৰ দুই অধিবক্তাৰ আন কেইবাগৰাকীও খালাস্তিনী নেতাৰ আত্মীয় ৷ মুঠ 12 গৰাকী লোক 27 এপ্ৰিলত উপস্থিত হৈছিল ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ৷ কাৰাগাৰৰ পৰাই অমৃতপাল সিঙে অধিবক্তাক দিছিল তেওঁৰ হাতে লিখা এখন চিঠি (Amritpal Singh case) ৷
উল্লেখ্য যে, প্ৰায় এমাহৰো অধিক দিন ধৰি আত্মগোপন কৰি থকা অমৃতপাল সিঙে যোৱা 23 এপ্ৰিল তাৰিখে পঞ্জাৱ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পাচতেই গ্ৰেপ্তাৰ কৰি লৈ অনা হৈছিল ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ ৷ ইয়াৰ পূৰ্বে 9 খালিস্তানী নেতাক অনা হৈছিল ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ ৷