নিউজ ডেস্ক, 30 মাৰ্চ: বুধবাৰৰ পৰা নিৰুদ্দেশ হৈছে অমৃতপাল সিঙৰ পিতৃ-মাতৃ আৰু পত্নী ৷ তেওঁলোকৰ ঘৰত বাহিৰৰ তলা লগোৱা প্ৰত্যক্ষ কৰা হৈছে ৷ সূত্ৰ অনুসৰি অমৃতপাল সিঙৰ পৰিয়ালটো আৰক্ষীৰ চকুত পৰিছে ৷ চুবুৰীয়া মানুহেও গম পোৱা নাছিল যে অমৃতপালৰ পৰিয়ালটো ঘৰ নাই ৷ কালিৰে পৰা অমৃতপাল সিঙৰ পৰিয়ালে অকল তখত চাহাবত জাথেদৰক লগ কৰিবলৈ চেষ্টা চলাই আছে । কাৰণ অমৃতপাল অকল তখত চাহাবলৈ যাব পাৰি বুলি কোৱা হৈছিল ৷ গতিকে, তেওঁৰ তথ্য পাবলৈ অকল তখত চাহাবৰ ওচৰলৈ যোৱাৰ প্ৰয়াস কৰিছিল পৰিয়ালৰ লোকে (Amritpal Singh family gone missing)৷
ইফালে বৃহস্পতিবাৰে এটা ভিডিঅ’ প্ৰকাশ কৰিছিল অমৃতপাল সিঙে ৷ এই ভিডিঅ’টোৰ ওপৰত আৰক্ষীয়ে গুৰুত্বসহকাৰে তদন্ত অব্যাহত ৰাখিছে । ইয়াৰ লগতে সূত্ৰৰ পৰা পোৱা খবৰটোও যে, অমৃতপল সিঙৰ ভিডিঅ’ তিনিটা আই পি ঠিকনাৰ জৰিয়তে সম্প্ৰচাৰ কৰা হৈছিল । লগতে এই ভিডিঅ'টো ইউনাইটেড কিংডম (ইউ কে)ৰ পৰা আপলোড কৰা হৈছে ৷ এই ভিডিঅ'টো প্ৰায় 3 দিন পূৰ্বে উত্তৰ প্ৰদেশত ৰেকৰ্ডিং কৰা হৈছিল । যিটো ইউটিউব একাউণ্টৰ পৰা এই ভিডিঅ’ আপলোড কৰা হৈছিল, সেই একাউন্টটো ভাৰতত নিষিদ্ধ কৰা হৈছে (Amritpal Singh released video on khalsa) ।
উল্লেখ্য যে, যোৱা 18 মাৰ্চৰ ঘটনাৰ পিচত কালি প্ৰথমবাৰৰ বাবে অমৃতপালৰ ভিডিঅ' প্ৰকাশ পাইছিল । অমৃতপালে এটা ভিডিঅ’ মুকলি কৰি বৈশাখী উপলক্ষে সৰ্ব্বত খালছা আহ্বান কৰিবলৈ শ্ৰী অকল তখত চাহিব গিয়ানী হৰপ্ৰীত সিঙৰ জাথেদৰক আহ্বান জনাইছে । ভিডিঅ’টোত অমৃতপালে কয় যে, 18 মাৰ্চত মালৱাত তেওঁৰ এটা অনুষ্ঠান আছিল আৰু তেওঁ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ঘৰৰ পৰা ওলাই আহিছিল ৷ তেতিয়াই বহু সংখ্যক আৰক্ষীয়ে তেওঁক ঘেৰি ধৰিছিল । আৰক্ষীৰ মনোভাৱক ভুল আখ্যা দি অমৃতপালে কয় যে, 18 মাৰ্চৰ ঘটনাৰ পিচত ইণ্টাৰনেট বন্ধ হৈ থকাৰ বাবে তেওঁ যোগাযোগ কৰিব নোৱাৰিলে (Amritpal Singh youtube video) ।
লগতে পঢ়ক:Amritpal spoke in live: কোনেও মোৰ চুলি এডালো চুব নোৱাৰে; অমৃতপাল সিং
ভিডিঅ’টোত অমৃতপালে আৰু কয় যে, বৈশাখী উপলক্ষে সৰ্ব্বত খালছা সমবেত হ’ব লাগে । শিখ জনগোষ্ঠীৰ এই ডাঙৰ বিষয়টোত নিজে জাথেদাৰ চাহাবে আগবাঢ়ি আহি নেতৃত্ব দিব লাগে । ইয়াৰ সমান্তৰালকৈ তেওঁ কয় যে, জাথেদৰে গাঁৱে-ভূঞে বহীৰাক অপসাৰণ কৰাৰ সিদ্ধান্ত প্ৰশংসনীয় ৷ কিন্তু মানুহ ইতিমধ্যে সচেতন হৈছে । অমৃতপালে কয় যে, বৈশাখী উপলক্ষে আহ্বান কৰা সৰ্ব্বত খালছা সেইখনেই হ’ব লাগে যিটো আবদলীকাণ্ডৰ পিচত আহ্বান কৰা হৈছিল । সেই সময়ত ডাঙৰ সৰ্ব্বত খালছা ঘটিছিল, পঞ্জাৱৰ যুৱক-যুৱতীক বচাব লাগিব, যদি পঞ্জাবক বচাব লাগে তেন্তে সকলোৱে আগবাঢ়ি আহিব লাগিব । অমৃতপালে কয়, ‘‘এই বিষয়টো কেৱল মোৰ গ্ৰেপ্তাৰৰ বিষয় নহয়, বহিঃৰাষ্ট্ৰত থকা লোকসকলে এই বিষয়টো বিবেচনা কৰা উচিত ।’’