অসম

assam

ETV Bharat / bharat

Amritpal Singh: কাৰাৰুদ্ধ অমৃতপাল সিঙৰ পিতৃক বিদেশ যাত্ৰাত বাধা - অমৃতসৰ বিমানবন্দৰ

অমৃতপাল সিঙৰ পিতৃ তৰচেম সিঙক বিদেশলৈ যোৱাত বাধা প্ৰদান কৰা হয় অমৃতসৰ বিমানবন্দৰত ৷ বুধবাৰে পুৱা অমৃতসৰ বিমানবন্দৰত তৰচেম সিং উপস্থিত হোৱাৰ পিচতেই কৰ্তৃপক্ষই তেওঁক ৰখাই প্ৰথমে সোধা-পোছা কৰে আৰু তাৰ পিচত তেওঁক ঘৰলৈ ঘূৰাই পঠিয়াই ৷

AMRITPAL SINGHS FATHER PREVENTED FROM GOING ABROAD SENT BACK HOME FROM AMRITSAR AIRPORT
কাৰাৰুদ্ধ অমৃতপাল সিঙৰ পিতৃক বিদেশলৈ যাত্ৰা কৰিবলৈ বাধা প্ৰদান

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 2:57 PM IST

নেশ্যনেল ডেস্ক, 25 অক্টোবৰ : ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত দিন পাৰ কৰিছে ‘ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙসহ ১০ খালিস্তানী কাৰাবন্দীয়ে ৷ বিগত 6 মাহ ধৰি ডিব্ৰুগড়ৰ কাৰাগাৰত বন্দী হৈ থকা ‘ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিংসহ আন কাৰাবন্দীক কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি সকলো সুবিধা প্ৰদান কৰিছে ডিব্ৰুগড় কাৰাগাৰ কৰ্তৃপক্ষই ।

শেহতীয়াকৈ অমৃতপাল সিঙৰ পিতৃ তৰচেম সিঙক বিদেশলৈ যোৱাত বাধা প্ৰদান কৰা হয় অমৃতসৰ বিমানবন্দৰত ৷ জানিব পৰা অনুসৰি, অমৃতপাল সিঙৰ পিতৃয়ে বুধবাৰে পুৱা অমৃতসৰ বিমানবন্দৰত উপস্থিত হৈছিল ৷ বিমানবন্দৰতে তৰচেম সিঙক কৰ্তৃপক্ষই ৰখাই প্ৰথমে সোধা-পোছা কৰি ঘৰলৈ ঘূৰাই পঠিয়াই ৷ তৰচেম সিঙে কাটাৰৰ দোহালৈ যাত্ৰা কৰিবলগীয়া আছিল ৷

আনকি এই ঘটনাৰ পূৰ্বে অমৃতপাল সিঙৰ পত্নীকো অমৃতসৰ বিমানবন্দৰত দুবাৰ বিদেশলৈ যাবলৈ লওঁতে বাধা দিয়া হৈছিল ৷ তেওঁক দীঘলীয়া জেৰাৰ পিচত পুনৰ ঘৰলৈ ঘূৰাই পঠাইছিল ৷ অমৃতপাল সিঙৰ পত্নী কিৰণদীপ কৌৰৰ ইউ কেৰ নাগৰিকত্ব আছে ৷ শেহতীয়াকৈ পঞ্জাৱ আৰক্ষীয়ে অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰাৰ কেইদিনমানৰ পূৰ্বে দুয়ো বিবাহপাশত আৱদ্ধ হৈছিল ৷ ইয়াৰ সমান্তৰালকৈ অমৃতপাল সিঙৰ গ্ৰেপ্তাৰৰ পিচত তেওঁৰ পত্নী কিৰণদীপ কৌৰে যেতিয়াই বিদেশলৈ যাবলৈ চেষ্টা কৰিছিল তেতিয়াই অমৃতসৰ বিমানবন্দৰৰ পৰা তেওঁক ঘৰলৈ ঘূৰাই পঠোৱা হৈছিল ৷

লক্ষণীয় যে, অমৃতপাল সিঙকে ধৰি পঞ্জাৱ আৰক্ষীয়ে ৱাৰিছ পঞ্জাৱ দে’ কেইবাগৰাকী খালিস্তানীৰ বিৰুদ্ধে এন এছ এৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল ৷ শেহতীয়াকৈ ডিব্ৰুগড় কাৰাগাৰত তেওঁৰ পৰিয়ালৰ সদস্যই বহুবাৰ লগ কৰিবলৈ আহিছে ৷

যোৱা 18 মাৰ্চৰ পৰা পলাতক অৱস্থাত থকা বিচ্ছিন্নতাবাদী খালিস্তানী নেতা অমৃতপাল সিঙক আৰক্ষীয়ে মোগাৰ ৰোডে গাঁৱত গ্ৰেপ্তাৰ কৰিছিল । উল্লেখ্য যে, খালিস্তানী বিচ্ছিন্নতাবাদী নেতা সিঙৰ লগতে সিঙৰ সংগঠন ‘ৱাৰিছ পঞ্জাৱ দে’ৰ সদস্যসকলৰ বিৰুদ্ধে বিগত 18 মাৰ্চৰ পৰাই আৰক্ষীয়ে আৰম্ভ কৰিছিল অভিযান ৷ 34 দিন ধৰি পলাতক অৱস্থাত থকা অমৃতপাল সিঙক 23 এপ্ৰিলত আৰক্ষীয়ে নাটকীয়ভাৱে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়ক:Amritpal Singh updates: কটকটীয়া নিৰাপত্তা বেষ্টনীৰে ডিব্ৰুগড় পালেহি অমৃতপাল সিং

ABOUT THE AUTHOR

...view details