নেশ্যনেল ডেস্ক,১৫ জুন :খালিস্তানৰ সমৰ্থক অৱতাৰ সিং খাণ্ডাৰ মৃত্যু । ব্ৰিটেইনৰ ভাৰতীয় দূতাবাসত ভাৰতৰ জাতীয় পতাকাক অপমান কৰিছিল খাণ্ডাই । লণ্ডনৰ এখন চিকিৎসালয়ত মৃত্যু হয় খালিস্তানৰ সমৰ্থক অৱতাৰ সিং খাণ্ডাৰ । জানিব পৰা মতে খলিস্তান সমৰ্থক তথা ৱাৰিজ ডে পঞ্জাৱৰ মুৰব্বী কাৰাবন্দী অমৃতপাল সিঙৰ সহযোগী আছিল অৱতাৰ সিং খাণ্ডা ।
তথ্য অনুসৰি, অৱতাৰ সিং খাণ্ডা কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল আৰু কৰ্কট ৰোগৰ প্ৰথম পৰ্যায়ত আছিল । শেহতীয়াকৈ তেওঁ যথেষ্ট পৰিমাণে অসুস্থ হৈ পৰিছিল আৰু যোৱা কেইবাদিনো ধৰি হাস্পতালৰ আইচিইউত ভৰ্তি আছিল । চিকিৎসাধীন হৈ থকাৰ সময়তে মৃত্যু হয় অৱতাৰ সিং খাণ্ডাৰ ।
অমৃতপালৰ সহযোগী অৱতাৰ সিং খাণ্ডা শেহতীয়াকৈ ব্ৰিটেইনত যথেষ্ট সক্ৰিয় হৈ পৰিছিল । খালিস্তানৰ আটাইতকৈ ডাঙৰ কণ্ঠস্বৰ হিচাপেও পৰিগণিত হৈছিল খাণ্ডা । খাণ্ডাই পূৰ্বে খালিস্তানৰ বাবে মাত মাতি অহা নিষিদ্ধ সংগঠনবোৰকো একত্ৰিত কৰিবলৈ চেষ্টা কৰিছিল । খাণ্ডা বিশেষকৈ খালিস্তান লিবাৰেচন ফ'ৰ্চৰ লণ্ডন গোটৰ মুৰব্বী আৰু কেএলএফ কুলৱন্ত সিং খুখৰানাৰ পুত্ৰ আছিল ।