নিউজ ডেস্ক, ১৭ জানুৱাৰী :মেগাষ্টাৰ অমিতাভ বচ্চন (mega star Amitabh Bachchan), জয়া বচ্চন, অনিল আম্বানী, টিনা আম্বানী আৰু অন্যান্য চেলিব্ৰিটিসকলে মঙলবাৰে আম্বানী গ্ৰুপৰ কোকিলাবেন (Kokilaben Dhirubhai Ambani Hospital) চিকিৎসালয় উদ্বোধন কৰিবলৈ ইন্দোৰত উপস্থিত হয় । মঙলবাৰে আবেলি ৪ বজাত ইন্দোৰত চিকিৎসালয়খন উদ্বোধন কৰা হ'ব । ইয়াৰ বাবে জয়া বচ্চনে পুৱা মুম্বাইৰ পৰা মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে আহি ইন্দোৰ বিমানবন্দৰত অৱতৰণ কৰে । তাৰ পৰা তেওঁলোক পোনে পোনে নিপানিয়াৰ হোটেললৈ যায় (Dhirubhai Ambani Hospital in Indore) । তাতেই নিৰ্মাণ কৰা চিকিৎসালয়খন অমিতাভ বচ্চন, অনিল আম্বানী আদিয়ে উদ্বোধন কৰিব ।
আনহাতে, আজি বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে ৰিলায়েন্স গ্ৰুপৰ বিষয়াসকলে অমিতাভ বচ্চনৰ সৈতে জয়া বচ্চনকো আদৰণি জনায় (Relaince group welcomed Amitabh Bachchan) । সেই সময়তো বিমানবন্দৰৰ কৰ্মচাৰীসকলে মেগাষ্টাৰ অমিতাভ বচ্চন আৰু জয়া বচ্চনৰ ফটো তুলিবলৈ আৰম্ভ কৰে । ইয়াৰ বাবে কিছু সময়ৰ বাবে জয়া বচ্চনক অসন্তুষ্ট দেখা যায় (Jaya Bachchan Angry with Indore Airport staff) । আনকি তেওঁ খঙৰ ভমকত এইটোও কয় যে এনেকুৱা কৰ্মচাৰীক চাকৰিৰ পৰায়ে বৰ্খাস্ত কৰিব লাগে ।