নেশ্যনেল ডেস্ক, ৩০ মে':পৰিস্থিতিৰ বুজ ল'বলৈ হিংসাজৰ্জৰ মণিপুৰত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ (Amit Shah in Manipur)। শ্বাহে সোমবাৰে সন্ধিয়া উত্তৰ-পূবৰ ৰাজ্যখনত উপস্থিত হৈছে । তেওঁ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ইয়াৰ সমাধান সূত্ৰ বিচাৰি কেইবাখনো বৈঠকৰ আহ্বান জনাইছে । শ্বাহৰ সৈতে গৃহ সচিব অজয় কুমাৰ ভাল্লা আৰু চোৰাংচোৱা ব্যুৰ'ৰ সঞ্চালক তপন কুমাৰ ডেকাও আছে ।
মণিপুৰত ৩ মে'ৰ পৰা আৰম্ভ হোৱা সংঘৰ্ষ এতিয়াও অব্যাহত আছে । নতুন নতুন স্থানত পুনৰ সংঘৰ্ষ আৰম্ভ হৈছে (Fresh clashes in Manipur)। এনে সময়ত গৃহ মন্ত্ৰীৰ মণিপুৰ ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ হৈছে ।
অমিত শ্বাহৰ আগমন কিয় গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে :
- সোমবাৰে সন্ধিয়া মণিপুৰত উপস্থিত হোৱাৰ পাছতে অমিত শ্বাহে মুখ্যমন্ত্ৰী এন বীৰেন সিং, নিৰাপত্তা উপদেষ্টা কুলদীপ সিং, মুখ্য সচিব আৰু কেবিনেট বিষয়াসকলৰ সৈতে এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় (Amit Shah held meeting in Manipur)। কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায় আৰু বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰও বৈঠকত উপস্থিত আছিল । শ্বাহে মণিপুৰৰ ৰাজ্যপাল অনুচুয়া উইকীৰ সৈতেও বৈঠকত মিলিত হৈছে ৷
- সোমবাৰৰ বৈঠকত ৪ টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছিল । কেন্দ্ৰই অঞ্চলটোত শান্তি পুনৰুদ্ধাৰৰ বাবে যিকোনো সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে । যিকোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা প্ৰতিহত কৰিবলৈ ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি উন্নত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।
- খাদ্য সামগ্ৰীৰ লগতে পেট্ৰ'ল আৰু ডিজেলকে ধৰি ৰাজ্যখনত অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান অব্যাহত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে । হিংসাত প্ৰাণ হেৰুওৱা লোকসকলৰ আত্মীয়ক ১০ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰা হৈছে ।
- লগতে টেলিফোন লাইন পুনৰ স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে । যাক উৰাবাতৰি প্ৰচাৰৰ আশংকাত বন্ধ কৰা হৈছিল ।
- মঙলবাৰে পুৱা, শ্বাহে মহিলা নেতৃবৃন্দৰ এটা প্ৰতিনিধি দলৰ সৈতে বৈঠকত মিলিত হয় । তেওঁ নাগৰিক সমাজৰ প্ৰতিনিধি দলৰ সৈতেও বৈঠকত মিলিত হয় (Amit Shah meeting with Manipur civil society)।
- ইফালে, দিল্লীত কংগ্ৰেছ দলৰ এটা প্ৰতিনিধি দলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে আৰু মণিপুৰলৈ স্বাভাৱিক অৱস্থা অনাত সহায় কৰিবলৈ তেওঁৰ হস্তক্ষেপ বিচাৰে । কংগ্ৰেছ নেতাসকলে ঘটনাটোৰ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ৰ এগৰাকী কৰ্মৰত বা অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এখন উচ্চ পৰ্যায়ৰ তদন্ত আয়োগ গঠনৰ বাবেও আহ্বান জনায় ।
- কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে উত্তৰ-পূবৰ ৰাজ্যখনত শান্তি আৰু স্বাভাৱিক পৰিৱেশ ঘূৰি অহাৰ বাবে সহায় কৰিবলৈ ১২ দফীয়া দাবীৰ এখন স্মাৰক পত্ৰও ৰাষ্ট্ৰপতিক প্ৰদান কৰে (Congress meet President of India)।
- পুনেৰ চিফ অফ ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহানে কৈছিল যে মণিপুৰত ভাবুকি নাইকিয়া হোৱা নাই । তেওঁ অৱশ্যে কম দিনৰ ভিতৰতে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিব বুলি আশা কৰিছে । উত্তৰ-পূবৰ ৰাজ্যখনৰ পৰিস্থিতিৰ সৈতে বিদ্ৰোহৰ কোনো সম্পৰ্ক নাই বুলিও তেওঁ উল্লেখ কৰে ।
- দেওবাৰে উত্তৰ-পূবৰ ৰাজ্যখনত সেনাৰ অভিযানত প্ৰায় ৪০ টা উগ্ৰপন্থী নিহত হয় ।
- পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও মণিপুৰ ভ্ৰমণৰ ইচ্ছা প্ৰকাশ কৰিছে । তেওঁ হিংসাপীড়িত মণিপুৰ ভ্ৰমণৰ অনুমতিৰ বাবে কেন্দ্ৰলৈ চিঠি লিখিব বুলিও উল্লেখ কৰিছে ।
লগতে পঢ়ক :Amit Shah Manipur Visit : মণিপুৰৰ নাগৰিক সমাজক সাক্ষাৎ গৃহমন্ত্ৰীৰ, কথা পাতিলে মহিলা নেতৃবৃন্দৰে