অসম

assam

ETV Bharat / bharat

'Nishad Samaj Jan Sabha' in UP : এদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ প্ৰদেশত অমিত শ্বাহ - এদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ প্ৰদেশত অমিত শ্বাহ

ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত উপস্থিত থাকিব গৃহমন্ত্ৰীগৰাকী । লক্ষ্ণৌত নিশাদ সমাজ জনসভা সম্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে(Amit Shah at Nishad Samaj Jan Sabha) । ইয়াৰোপৰি ২৩ টা সমবায় বেংকৰ শাখাও উদ্বোধন কৰিব । বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণ বিজেপিৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব ।

Amit Shah lucknow visit
এদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ প্ৰদেশত অমিত শ্বাহ

By

Published : Dec 17, 2021, 12:26 PM IST

নেশ্যনেল ডেস্ক,১৭ ডিচেম্বৰ :২০২২ চনত অনুষ্ঠিত হ'ব উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন (UP assembly election 2022) । তাৰ প্ৰাকক্ষণত প্ৰতিটো ৰাজনৈতিক দলে ৰাজ্যখনক লৈ ৰণৰীতি প্ৰস্তুত কৰাত ব্যস্ত । ইফালে শাসকীয় বিজেপিয়েও ভোটাৰক আকৰ্ষণৰ চেষ্টা অব্যাহত ৰাখিছে । ইজনৰ পাছত সিজন নেতাৰ আগমন ঘটিছে ৰাজ্যখনলৈ ।

এইবাৰ এদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ প্ৰদেশলৈ গৃহমন্ত্ৰী অমিত শ্বাহ । উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত নিশাদ সমাজ জনসভা সম্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে (Amit Shah at Nishad Samaj Jan Sabha)। দিনজোৰা কাৰ্যসূচীৰে উত্তৰ প্ৰদেশ ভ্ৰমণ কৰা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত ২৩ টা সমবায় বেংকৰ শাখাও উদ্বোধন কৰিব (Amit Shah inaugurates cooperative bank branches)।

ইয়াৰ উপৰিও ৰাজ্যিক ৱেৰহাউচিং কৰ্পোৰেশ্যনৰ ২৯ টা গুদাম ঘৰ উদ্বোধন কৰিব মন্ত্ৰীগৰাকীয়ে । বিয়লি ভাগত মন্ত্ৰীগৰাকী উপস্থিত থাকিব সাহাকৰ ভাৰতীয় সপ্তম ৰাষ্ট্ৰীয় সন্মিলনত । লক্ষণীয়ভাৱে আগন্তুক নিৰ্বাচনৰ প্ৰাকক্ষণত মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে বিশেষ চৰ্চা লাভ কৰিছে উত্তৰ প্ৰদেশত ।

উল্লেখ্য যে, এই বছৰৰে ছেপ্টেম্বৰ মাহত বিজেপিয়ে সঞ্জয় নিশাদৰ নেতৃত্বৰ দল 'নিশাদ'ৰ সৈতে আনুষ্ঠানিকভাৱে মিত্ৰতা ঘোষণা কৰিছিল । তাৰ পাছতে আয়োজিত এই নিশাদ জন সভা বিজেপিৰ বাবে এক গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে । কিয়নো বিজেপিয়ে পূৰ্বে উল্লেখ কৰিছিল যে ২০২২ চনৰ বিধানসভা নিৰ্বাচনত মিত্ৰতা স্থাপনৰ বাবে ৰাজ্যখনৰ কেইবাটাও আঞ্চলিক দলৰ সৈতে আলোচনা চলি আছে ।

ইফালে নিশাদ দলৰ সৈতে মিত্ৰতা স্থাপন কৰাৰ পাছতে বহু ৰাজনৈতিক বিশেষজ্ঞই উল্লেখ কৰিছে যে পূৰ্বৰ নিৰ্বাচন সমূহতো দেখা গৈছিল যে নিশাদ সম্প্ৰদায়ৰ লোকসকল বিজেপিৰ বাবে নিৰ্বাচনৰ বিশেষ ফেক্টৰ হৈ আহিছে । ইফালে আগষ্ট মাহতে পূৱ আৰু মধ্য উত্তৰ প্ৰদেশৰ বিভিন্ন জিলাত বিজেপিৰ সৈতে নিশাদ দলে মিত্ৰজোঁটৰ কুচকাৱাজ আৰম্ভ কৰিছিল । জিলাসমূহত নিশাদ দলৰ প্ৰভাৱশালী নেতাসমূহৰ এক জৰীপ চলোৱা হৈছে ।

নিৰ্বাচনৰ বাবে আসন ভাগ-বতৰাৰ সূত্ৰ চূড়ান্ত কৰাৰ উদ্দেশ্যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ ওচৰত এই জৰীপ প্ৰতিবেদন দাখিল কৰা হ'ব বুলি জানিব পৰা গৈছে । পূব আৰু মধ্য উত্তৰ প্ৰদেশৰ প্ৰায় ১৬০ টা বিধানসভা সমষ্টিত নিশাদ সম্প্ৰদায়ৰ ভোট নিৰ্ণায়ক হ'ব বুলি আশা কৰা হৈছে । উত্তৰ প্ৰদেশৰ মুঠ ১৮ খন জিলাত নিশাদ সম্প্ৰদায়ৰ যথেষ্ট লোক আছে । সেইবোৰ হৈছে প্ৰয়াগৰাজ, ফিৰোজাবাদ, বালিয়া, সন্ত কবিৰ নগৰ, বান্দা, অযোধ্যা, চুলতানপুৰ, গোৰখপুৰ, মহাৰাজগঞ্জ, আউৰিয়া, লক্ষ্ণৌ, উন্নাও, মীৰাট, মিৰ্জাপুৰ, সন্ত ৰবিদাস নগৰ, মুজাফ্ফৰনগৰ, বাৰাণসী আৰু জৌনপুৰ ।

উত্তৰ প্ৰদেশৰ প্ৰায় ২০ টা লোকসভা সমষ্টি আৰু ৬০ টা বিধানসভা খণ্ডত বিজেপি প্ৰভাৱশালী । অৱশ্যে, আসন ভাগ-বতৰা এতিয়াও ঘোষণা কৰা হোৱা নাই । ২০১৭ চনত, বিজেপিয়ে ইয়াৰ দুই মিত্ৰদল-আপনা দল (এছ) আৰু সুহেলদেৱ ভাৰতীয় সমাজ পাৰ্টি (এছবিএছপি)ক মুঠ ১৯ খন আসন এৰি দিছিল । ২০১৬ চনত গঠন হোৱা নিশাদ দলে নিজে ১০০ খন আসনত প্ৰতিদ্বন্দিতা কৰিছিল আৰু মাত্ৰ এখন আসনতহে জয়ী হৈছিল ।

ইফালে নিশাদ সম্প্ৰদায়ক আকৰ্ষিত কৰাৰ প্ৰচেষ্টাত সমাজৱাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱে নৱেম্বৰত ৰাজনীতিবিদ প্ৰয়াত এছপি সাংসদ ফুলন দেৱীৰ মাতৃ মুলা দেৱীক সাক্ষাৎ কৰিছিল । সমাজবাদী পাৰ্টীয়ে ছেপ্টেম্বৰৰ পৰা নৱেম্বৰৰ ভিতৰত কেইবাটাও যাত্ৰা আৰম্ভ কৰিছিল । ইয়াৰ নেতা আৰু মিত্ৰজোঁটৰ অংশীদাৰসকলক বিভিন্ন পিছপৰা জাতি অথবা জনসাধাৰণৰ কাষ চাপিবলৈ নিৰ্দেশ দিয়া হৈছিল । প্ৰাক্তন মন্ত্ৰী ৰাম কিশোৰ বিন্দে বিণ্ড, নিশাদ, কেভাট আৰু মাল্লা সম্প্ৰদায়ৰ নেতাসকলৰ সৈতে সামাজিক সন্মিলনও অনুষ্ঠিত কৰিছিল ।

লগতে পঢ়ক :নৰেন্দ্ৰ মোদীয়ে একমাত্ৰ নিৰ্বাচনত পৰাজিত হোৱালৈ ভয় কৰে: পি চিদাম্বৰম

ABOUT THE AUTHOR

...view details