নেশ্যনেল ডেস্ক, ৫ এপ্ৰিল: সোমবাৰে গৃহমন্ত্ৰী অমিত শ্বাহে ছত্তিশগড়ৰ ভয়ংকৰ মাওবাদী আক্ৰমণৰ স্থান পৰিদৰ্শন কৰিব । ছত্তীশগড়ৰ সুকমা-বিজাপুৰ সীমান্ত পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল'ব গৃহমন্ত্ৰীগৰাকীয়ে । লগতে চিকিৎসালয়ত আহত জোৱানসকলৰ স্বাস্থ্যৰ বুজ ল'ব অমিত শ্বাহে । অসমৰ বিধানসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ প্ৰচাৰ অভিযান আধাতে সামৰি দেওবাৰে ছত্তিশগড় অভিমুখে ৰাওনা হয় শ্বাহ ।
শনিবাৰে ছত্তিশগড়ৰ বিজাপুৰত মাওবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত হোৱা সংঘৰ্ষত ২২ গৰাকীকৈ জোৱান শ্বহীদ হোৱাৰ লগতে কেইবাগৰাকীও আহত হৈছে । আৰক্ষী সূত্ৰই জনোৱা মতে ২৩ গৰাকী আহত জোৱানক বিজাপুৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু ৭ জনক ৰায়পুৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । আনহাতে বিজাপুৰ জিলাৰ জংঘলত মাওবাদীৰ সৈতে হোৱা এই সংঘৰ্ষত পাঁচজন নিৰাপত্তা বাহিনীৰ জোৱান নিহত হয় ।