নেশ্যনেল ডেস্ক, ২৪ মে': কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে ওড়িশা, অন্ধ্ৰ প্ৰদেশ, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী আৰু আন্দামান-নিকোবৰ দ্বীপপুঞ্জৰ উপ-ৰাজ্যপালৰ সৈতে ঘূৰ্ণীবতাহ য়াছ সন্দৰ্ভত পৰ্যালোচনা ভাৰ্চুৱেল বৈঠকত মিলিত হয় । ইয়াৰ পূৰ্বে দেওবাৰেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জ্যেষ্ঠ চৰকাৰী বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিছিল ।
শ্বাহে জ্যেষ্ঠ চৰকাৰী বিষয়াসকলৰ লগতে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰতিনিধি, টেলিকম, শক্তি, অসামৰিক বিমান পৰিবহণ, বৈজ্ঞানিক মন্ত্ৰালয়ৰ সচিবসকল এই বৈঠকত অংশগ্ৰহণ কৰে । ভাৰতীয় বায়ুসেনাই ঘূৰ্ণীবতাহ য়াছৰ দুৰ্যোগৰ সময়ত সকলো প্ৰকাৰৰ সহায় আৰু সাহায্য অভিযান আগবঢ়াবলৈ ৯৫০ জন উদ্ধাৰ অভিযানকাৰী দলৰ সদস্য আৰু ২৬ খন হেলিকপ্তাৰ সাজু ৰাখিছে ।