নিউজ ডেস্ক,৬ ফেব্ৰুৱাৰী: ৪ মাৰ্চত অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । তিৰুপতিত অনুষ্ঠিত হ'বলগীয়া ২৯ তম দক্ষিণ মাণ্ডলিক পৰিষদৰ বৈঠকত অংশগ্ৰহণৰ বাবে তিৰুপতি অভিমুখে ৰাওনা হ'ব গৃহমন্ত্ৰী শ্বাহ । এই বৈঠকত শ্বাহে সভাপতিত্ব কৰিব ।
চাৰিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপ-ৰাজ্যপালসকলে নিজ নিজ ৰাজ্যৰ মুখ্য সচিব, উপদেষ্টা অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰে গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰিব । এই বৈঠকত প্ৰায় ১০০ গৰাকী বিশিষ্ট ব্যক্তি আৰু বিষয়া উপস্থিত থাকিব বুলি গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে ।