অসম

assam

By

Published : Jan 19, 2021, 7:55 AM IST

ETV Bharat / bharat

য়েডিয়ুৰাপ্পাক সমৰ্থনেৰে নেতৃত্বৰ পৰিৱৰ্তন সম্পৰ্কীয় বিবাদৰ অন্ত পেলালে অমিত শ্বাহে

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে দুদিনীয়া কাৰ্যসূচীৰে কৰ্ণাটকত উপস্থিত হৈছিল ৷ এই ভ্ৰমণতে তেওঁ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েডিয়ুৰাপ্পাৰ নেতৃত্বক প্ৰশংসা আগবঢ়ায় ৷ য়েডিয়ুৰাপ্পাক সমৰ্থনেৰে নেতৃত্বৰ পৰিৱৰ্তন সম্পৰ্কীয় বিবাদৰ অন্ত পেলালে অমিত শ্বাহে

অমিত শ্বাহ
অমিত শ্বাহ

নেশ্যনেল ডেস্ক,19 জানুৱাৰী :কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে দুদিনীয়া কাৰ্যসূচীৰে কৰ্ণাটকত উপস্থিত হৈছিল ৷ এই ভ্ৰমণতে তেওঁ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েডিয়ুৰাপ্পাৰ নেতৃত্বক প্ৰশংসা আগবঢ়ায় ৷ ইয়াৰ পাচতে নেতৃত্বৰ পৰিৱৰ্তন সন্দৰ্ভত যি বিবাদৰ সৃষ্টি হৈছিল তাৰ অন্ত পৰাৰ লগতে অসন্তুষ্ট আৰু বিপ্লবী বিধায়কসকলক এক কঠোৰ বাৰ্তা প্ৰেৰণ কৰিলে ৷

বিজেপি নেতৃত্বলৈ অহাৰ পৰাই নেতৃত্বৰ পৰিৱৰ্তন সম্পৰ্কীয় যি বিবাদৰ সৃষ্টি হৈ আহিছিল ইয়াৰ অন্ত পেলালে শ্বাহে ৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অমিত শ্বাহৰ সিদ্ধান্তক সমৰ্থন জনোৱাৰ পাচতে নেতৃত্ব সম্পৰ্কীয় বিবাদৰ অন্ত পৰে ৷

16 আৰু 17 জানুৱাৰীত কৰ্ণাটক ভ্ৰমণ কৰে গৃহমন্ত্ৰী অমিত শ্বাহে ৷ তেওঁ চৰকাৰী আৰু দলীয় বিভিন্ন অনুষ্ঠানত উপস্থিত থাকে ৷ সকলো ক্ষেত্ৰতে তেওঁ মুখ্যমন্ত্ৰী য়েডিয়ুৰাপ্পাৰ সমৰ্থন কৰা প্ৰত্যক্ষ কৰা হয় ৷ লগতে কৰ'ণা মহামাৰীৰ সময়ত য়েডিয়ুৰাপ্পা চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপকো প্ৰশংসা আগবঢ়ায় শ্বাহে ৷

অমিত শ্বাহে ইংগিত দিয়ে যে, অহা আঢ়ৈ বছৰৰ বাবে য়েডিয়ুৰাপ্পাই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হৈ থাকিব ৷ লগতে তেওঁ অহা নিৰ্বাচনত পুনৰ ক্ষমতা দখলৰ বাবেও বিভিন্ন দায়িত্ব গ্ৰহণ কৰে ৷

বিজেপিৰ ক'ৰ কমিটিৰ বিশেষ আলোচনাচক্ৰত বিজেপিৰ ৰাজ্যিক নেতাসকলক ধমক দিয়ে অমিত শ্বাহে ৷ তেওঁ বিজেপিৰ ৰাজ্যিক সভাপতি নলীন কুমাৰ কাটিল আৰু অন্যান্য ক'ৰ কমিটিৰ সদস্যসকলক প্ৰশ্ন উত্থাপন কৰে যে, মুখ্যমন্ত্ৰী য়েডিয়ুৰাপ্পাৰ বিৰুদ্ধে বিধায়ক বাছানাগৌডা পাটিল য়টনালে মন্তব্য আগবঢ়াইছে আহিছে যদিও তেওঁলোকে কিয় নিমাত হৈ আছে ৷

আনহাতে, য়টনালৰ বিৰুদ্ধে অমিত শ্বাহে মন্তব্য আগবঢ়োৱাত নেতৃত্ব পৰিৱৰ্তনৰ বাবে দাবী কৰা সকল অসন্তুষ্ট হৈ পৰিছে ৷

লগতে পঢ়ক :অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰীত চীনৰ হাইড্ৰ’ পাৱাৰ প্ৰকল্প স্থাপন

ABOUT THE AUTHOR

...view details