নেশ্যনেল ডেস্ক,৪ নৱেম্বৰ :দেশৰ নিৰ্বাচনমুখী ৫ খনকৈ ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈছে । নিৰ্বাচনমুখী মধ্যপ্ৰদেশত শাসকীয় বিজেপিয়েও নিৰ্বাচনী প্ৰচাৰ চলাইছে । তাৰ অংশস্বৰূপে শনিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে শিৱপুৰী জিলা ভ্ৰমণ কৰে । তেওঁ জিলাখনৰ কৰৈৰা বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত এখন ৰাজহুৱা সভা সম্বোধন কৰে । প্ৰচাৰ সভাত তেওঁ কংগ্ৰেছ দল আৰু নেতাসকলক তীব্ৰ আক্ৰমণ কৰে ।
কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী, দিগ্বিজয় সিং আৰু কমল নাথকো তেওঁ সমালোচনা কৰে । কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে দিগ্বিজয় সিঙৰ চৰকাৰক বিভাজন চৰকাৰ বুলি অভিহিত কৰি কয় যে সেই সময়ত ৰাজ্যখনত বিদ্যুতৰ পৰা আৰম্ভ কৰি বাটপথৰ অৱস্থাও উন্নত নাছিল । অমিত শ্বাহে কয় যে কংগ্ৰেছ চৰকাৰে তেওঁলোকৰ একাউণ্ট ভৰ্তি কৰাৰ কাম কৰিছিল । কংগ্ৰেছে মধ্যপ্ৰদেশক ৰোগীয়া ৰাজ্য কৰিছিল বুলিও তেওঁ অভিযোগ কৰে । আনহাতে বিজেপিয়ে ১৮ বছৰত ৰাজ্যখনত উন্নয়নমূলক কাম কৰিছে বুলিও তেওঁ দাবী কৰে ।