তেজপুৰ, ১ জুন : ‘‘উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ দ্বাৰা মণিপুৰৰ হিংসাৰ তদন্ত কৰা হ’ব ৷ মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ সৈতে জড়িত ছটা গোচৰৰ তদন্ত চিবিআইৰ এটা বিশেষ দলে কৰিব ৷’’ তিনিদিনীয়া মণিপুৰ ভ্ৰমণৰ সামৰণি মাৰি বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে গৃহমন্ত্ৰী অমিত শ্বাহে(Pace committee will be set up in Manipur under the guidance of the Governor) ৷
তেওঁ কয়, ‘‘বহু শীৰ্ষ বিষয়া, ৰাজনৈতিক দল, কুকি আৰু মেইটেই অসামৰিক গোটৰ প্ৰতিনিধিকে ধৰি সমাজৰ প্ৰতিটো শ্ৰেণীৰ সৈতে কেইবাটাও ৰাউণ্ডত ইতিমধ্যে বৈঠক হৈছে । হিংসাৰ কাৰণসমূহ চাবলৈ আৰু ইয়াৰ বাবে কোন দায়ী আছিল সেইটো চিনাক্ত কৰিবলৈ এটা তদন্ত পেনেল গঠন কৰা হ’ব । এই তদন্ত পেনেলৰ নেতৃত্বত থাকিব উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ । মণিপুৰৰ ৰাজ্যপালৰ নিৰ্দেশনাত এখন শান্তি সমিতিও গঠন কৰা হ’ব’’ (Six cases pertaining to the violence will be probed by a special CBI team) ।
অমিত শ্বাহে আৰু কয়, ‘‘বৃহস্পতিবাৰৰ পৰা চি আৰ পি এফৰ অৱসৰপ্ৰাপ্ত ডি জি কুলদীপ সিঙৰ অধীনত ৰাজ্যখনত এটা আন্তঃসংস্থা ঐক্যবদ্ধ কমাণ্ডে কাম আৰম্ভ কৰিব ৷ যাৰ দ্বাৰা পৰিস্থিতি পৰিচালনাৰ বাবে ৰাজ্যখনত নিয়োজিত সংস্থাসমূহৰ মাজত সমন্বয়ৰ তদাৰক কৰা হ’ব’’ (Violence hit Manipur)।