নেচনেল ডেস্ক, ৩ জুলাই : "আগন্তুক 2024 চনৰ ভিতৰত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সকলো সমস্যা সমাধান হ’ব (Amit Shah says problems of northeast will be solved by 2024) ৷" দেওবাৰে হায়দৰাবাদত উপস্থিত হৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah in Hyderabad ) এইবুলি মন্তব্য কৰে ৷ লগতে বিজেপিয়ে এই সমস্যা সমূহৰ স্থায়ী সমাধানৰ সূত্ৰ লাভ কৰিছে বুলি মন্তব্য কৰে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা গৃহমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷
উল্লেখ্য যে, বিগত মাৰ্চ মাহত কেন্দ্ৰই নাগালেণ্ডৰ ৭ খন জিলাৰ ১৫ টা থানা এলেকাৰ পৰা, মণিপুৰৰ ৬ খন জিলাৰ ১৫টা থানা এলেকাৰ পৰা আৰু অসমৰ ২৩খন জিলাৰ সম্পূৰ্ণ আৰু আংশিকভাৱে এখন জিলাৰ পৰা সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন ১৯৫৮ চমুকৈ AFPSA আঁতৰাই পেলাইছিল । লগতে অসম আৰু মেঘালয় চৰকাৰে মাৰ্চ মাহতে ৫০ বছৰ পুৰণি বাকী থকা সীমা বিবাদৰ সমাধানৰ বাবে এক ঐতিহাসিক চুক্তি স্বাক্ষৰ কৰিছিল ।
অসম আৰু মেঘালয়ৰ মাজত এই চুক্তি স্বাক্ষৰিত হোৱাৰ দুমাহৰ পাছতেই ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰীয়ে MHAৰ পৰীক্ষা আৰু বিবেচনাৰ বাবে ৩১ জানুৱাৰীত অমিত শ্বাহৰ ওচৰত প্ৰস্তাৱৰ খচৰা দাখিল কৰিছিল ৷ লগতে নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী নোহোৱাৰ কাৰণ সন্দৰ্ভত CAA ৰূপায়ণ কৰাৰ ক্ষেত্ৰত চৰকাৰ দায়বদ্ধ বুলি অমিত শ্বাহে কয় ৷ ইয়াৰ লগতে "Northeast and that we are going nowhere" বুলিও মন্তব্য কৰে ৷
লগতে পঢ়ক:Expansion of Punjab cabinet: সোমবাৰে সম্প্ৰসাৰণ হ'ব পঞ্জাৱ মন্ত্ৰীসভাৰ