নিউজ ডেস্ক, ৯ নৱেম্বৰ : ছত্তীশগড়ত প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ অন্ত পৰিছে । আনহাতে, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন সমাগত । ইতিমধ্যে ৰাজ্যখনত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ তুংগত উঠিছে । বৃহস্পতিবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে ছত্তীশগড়ত উপস্থিত হয় কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ । এক নিৰ্বাচনী প্ৰচাৰ সভাত অমিত শ্বাহে দাবী কৰে যে যদি ৰাজ্যখনত বিজেপি শাসনলৈ আহে তেন্তে পাঁচ বছৰৰ ভিতৰত ছত্তীশগড়ৰ পৰা নক্সালবাদ নিশ্চিহ্ন হ'ব ।
অমিত শ্বাহে যশপুৰৰ বাগিচাত এক নিৰ্বাচনী সভা সম্বোধন কৰি এই দাবী কৰে । অমিত শ্বাহে এইটোও কয় যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কংগ্ৰেছ নিশ্চিহ্ন হৈছে আৰু ৩ ডিচেম্বৰত বৃহৎ সংখ্যাগৰিষ্ঠতাৰে ছত্তীশগড়ত বিজেপিয়ে চৰকাৰ গঠন কৰিব ।
অমিত শ্বাহে যশপুৰত কয় যে বিগত ৫ বছৰত ছত্তীশগড়ত নক্সালবাদ যথেষ্ট বৃদ্ধি পাইছে । নক্সালবাদ সমাপ্তিৰ একমাত্ৰ উপায় হৈছে ছত্তীশগড়ত দ্বৈত ইঞ্জিনৰ চৰকাৰ । অমিত শ্বাহে দাবী কৰে যে যদি বিজেপিয়ে ৰাজ্যখনত চৰকাৰ গঠন কৰে, তেন্তে পাঁচ বছৰৰ ভিতৰত ৰাজ্যখনৰ পৰা নক্সালবাদক সমুলঞ্চে ধ্বংস কৰা হ'ব ।
আনহাতে, যশপুৰত অমিত শ্বাহে ভূপেশ বাঘেল চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ অধীনত 'চন্দ্ৰযান' চন্দ্ৰত আছে । চন্দ্ৰযান য'ত অৱতৰণ কৰিছিল তাক 'শিৱশক্তি' নাম দিয়া হৈছে । কিন্তু ছত্তীশগড়ৰ কংগ্ৰেছ চৰকাৰে 'মহাদেৱ'ৰ নামত এটা বেটিং এপ আৰম্ভ কৰিছে । অমিত শ্বাহে কয় যে অলপতো লাজ কৰক । অন্তত মহাদেৱৰ নামটোক ৰেহাই দিয়ক ।