নেশ্যনেল ডেস্ক,১ এপ্ৰিল:পুডুচেৰীৰ বিধানসভা নিৰ্বাচন সমাগত । তাৰ প্ৰাকক্ষণত ৰাজ্যখনৰ লস্পেট সমষ্টিত এক বিশাল পদযাত্ৰাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । পদযাত্ৰাৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে কাৰুভাদিকুপ্পামস্থিত বিখ্যাত সীতানন্দ মন্দিৰ দৰ্শন কৰে ।
এইবাৰ পুডুচেৰী নিৰ্বাচনৰ বাবে উঠি-পৰি লাগিছে বিজেপি দল । ভোটাৰক আকৰ্ষণৰ উদ্দেশ্যে দলৰ নিৰ্বাচনী ইস্তাহাৰত ২.৫ লাখ নিবনুৱাক সংস্থাপন, সকলো মাছমৰীয়াৰ বাবে বাৰ্ষিক ৬ হাজাৰ টকা, উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰীৰ বাবে বিনামূলীয়া স্কুটী প্ৰদানৰ বিভিন্ন প্ৰতিশ্ৰুতি দিছে ।