নেশ্যনেল ডেস্ক, 23 জুলাই:শনিবাৰৰ পৰা গুজৰাটত আৰম্ভ হৈছে ই-এফআইআৰ দাখিলৰ ব্যৱস্থা ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ (Gujarat CM Bhupendra Patel) উপস্থিতিত গুজৰাটবাসীৰ বাবে এই ব্যৱস্থা উন্মোচন কৰে (Amit Shah launched e-FIR filing system) ৷
ৰাজ্যখনত দৈনিক মোবাইল ফোন আৰু বাহন চুৰিৰ ঘটনা বৃদ্ধি হৈ অহাৰ প্ৰতি লক্ষ্য ৰাখি এই অনলাইন সেৱা আৰম্ভ কৰা হৈছে ৷ অনলাইনযোগে উপলব্ধ হোৱা এই সেৱাৰ বাবে গুজৰাট আৰক্ষীয়ে মোবাইল ফোন আৰু বাহন চুৰিৰ অভিযোগৰ পৰা কিছু হ’লেও ৰেহাই পাব বুলি আশা প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷
গুজৰাটবাসীৰ বাবে যথেষ্ট সুবিধাজনক এই সেৱাৰ যোগেদি ৰাজ্যখনৰ নাগৰিকে সম্প্ৰতি বাহন চুৰি অথবা মোবাইল ফোন চুৰিৰ এজাহাৰ দাখিল কৰিবলৈ থানালৈ যোৱাৰো প্ৰয়োজন নাই, কিয়নো তেওঁলোকে সুবিধাজনকভাৱে যিকোনো ঠাইৰ পৰা অনলাইনযোগে অভিযোগ দাখিল কৰিব পাৰিব ।
অভিযোগকাৰীয়ে নাগৰিক পৰ্টেল(Gujarat police Citizen Portal)ৰ জৰিয়তে আবেদন কৰিব পাৰিব য’ত তেওঁলোকে সকলো ধৰণৰ তথ্য প্ৰদান কৰিব লাগিব । তাৰ পিছতে আৰক্ষীয়ে ‘গুজকপৰ ইউজাৰ আইডি’ (Guzcop user id) ৰে লগ ইন কৰি 24 ঘন্টাৰ ভিতৰত কৰ্তব্যৰত বিষয়ালৈ এই অভিযোগৰ প্ৰাথমিক তদন্ত কৰিবলৈ প্ৰেৰণ কৰা হ’ব বুলি জানিবলৈ দিয়ে গৃহমন্ত্ৰী হৰ্ষ সংঘৱীয়ে (Gujarat home minister Harsh Sanghavi) ৷