অসম

assam

ETV Bharat / bharat

Amit Shah visit Arunachal Pradesh: কুমাও ৰেজিমেণ্টৰ বীৰত্বক প্ৰশংসা গৃহমন্ত্ৰী অমিত শ্বাহৰ - Vibrant Villages Programme

১৯৬২ চনৰ চীনা যুদ্ধত কুমাও ৰেজিমেণ্টে দেখুওৱা বীৰত্বৰ প্ৰশংসা গৃহমন্ত্ৰী অমিত শ্বাহৰ (Walong War Memorial)। অৰুণাচল প্ৰদেশৰ পৰা ভাইব্ৰেন্ট ভিলেজ আৰম্ভ কৰি তেওঁ সুৰক্ষা বাহিনীৰ বাবেই সীমান্তৰ গাঁৱৰ লোক সুৰক্ষিত হৈ আছে বুলি মন্তব্য় কৰে ।

Union Home Minister Amit Shah in Arunachal Pradesh
গৃহমন্ত্ৰী অমিত শ্বাহ

By

Published : Apr 10, 2023, 8:55 PM IST

তেজপুৰ, ১০ এপ্ৰিল : ‘‘১৯৬২ চনত চীনে অৰুণাচল প্ৰদেশৰ কিবিথুৰ পৰা আঁতৰিব লগীয়া হৈছিল । কাৰণ অৰুণাচল প্ৰদেশৰ লোকৰ দেশভক্তি আৰু কুমাও ৰেজিমেণ্টৰ ছয়জন সাহসী সেনা বিষয়া বলিদানৰ বাবে ।’’ এই মন্তব্য় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ । ভাৰতৰ প্ৰথমখন 'ভাইব্ৰেন্ট ভিলেজ'ত সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য় কৰে ৷ তেওঁ কয়, ‘‘ভাৰতৰ প্ৰথম সূৰ্যৰ পোহৰ পৰা ৰাজ্যত উপস্থিত হৈ নিজকে ধন্য মানিছোঁ’’ (Union Home Minister Amit Shah in Arunachal Pradesh) ।

সোমবাৰে পূব অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাৰ কিবিথুত কেন্দ্ৰীয় চৰকাৰৰ 'ভাইব্ৰেন্ট ভিলেজ'ৰ শুভাৰম্ভ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে পুনৰ কয়, "পূৰ্বে ভাৰতৰ অন্য প্ৰান্তৰ লোকে এই অঞ্চলত উপস্থিত হৈ কৈছিল যে, মই ভাৰতৰ শেষখন গাঁৱৰ পৰা আহিছো । কিন্তু আজিৰে পৰা মই মোৰ নাতিক গৈ কম যে, মই ভাৰতৰ প্ৰথমখন গাঁৱৰ পৰা আহিছো আৰু এয়া সম্ভৱ হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰচেষ্টাত ।"

তেওঁ কয়, ‘‘সীমান্তৰ বিভিন্ন সুৰক্ষা বাহিনীৰ দল আৰু ভাৰতীয় সেনাৰ দ্বাৰা এই গাঁৱৰ লোকসকল সুৰক্ষিত হৈ আছে । ১৯৬২ চনৰ ৩০ অক্টোবৰত ভাৰত-চীন যুদ্ধৰ সময়ত তেতিয়া কুমাও ৰেজিমেণ্টৰ ছয়জন পৰাক্ৰমী সেনাই এই ঠাই চীনৰ কবলৰ পৰা ৰক্ষা কৰি নিজৰ প্ৰাণ আহুতি দিব লগা হৈছিল । আজি আমি শান্তিপূৰ্ণভাৱে শুব পাৰিছো । কাৰণ সীমান্তত আই টি বি পি আৰু ভাৰতীয় স্থল সেনা বাহিনীয়ে কটকটীয়া পহৰা দি আছে । যাৰ ফলত কোনেও চকু তুলি চাবলৈ সাহস কৰিব নোৱাৰে ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ১৯৬২ চনৰ ৱালং যুদ্ধৰ বিষয়ে গৌৰৱৰে কয় যে, ১৯৬৩ চনত এই যুদ্ধৰ বিষয়ে আৰু ভাৰতীয় সেনাৰ পৰাক্ৰমৰ বিষয়ে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ যোগেদি বহুল প্ৰচাৰ হৈছিল । কেন্দ্ৰীয় চৰকাৰৰ "ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম"ৰ অধীনত কেইবাখনো গাঁও অন্তৰ্ভুক্ত কৰাৰ লক্ষ্যৰে গৃহমন্ত্ৰীগৰাকী হিমালয়ৰ পাদদেশৰ চুবুৰীয়া ৰাজ্যখনৰ আঞ্জও জিলাৰ কিবিথুত ইয়াৰ আৰম্ভণি কৰে ।

গৃহমন্ত্ৰী অমিত শ্বাহৰ কিবিথু ভ্ৰমণ হৈছে ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীৰ শুভাৰম্ভৰ অংশ (Vibrant Villages Programme) । এয়া হৈছে এক চৰকাৰী পদক্ষেপ যি অৰুণাচল প্ৰদেশৰ লগতে ছিকিম, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত উন্নয়নমূলক প্ৰকল্প । উক্ত কাৰ্যসূচীত এই অঞ্চলসমূহৰ ১৯ খন জিলাৰ ৪৬ টা খণ্ডৰ ২,৯৬৭ খন গাঁৱৰ ওপৰত গুৰুত্ব দিয়া হ'ব । ইয়াৰ উদ্দেশ্য হৈছে জীৱিকা প্ৰদান কৰা আৰু সীমান্তৱৰ্তী গাওঁসমূহত বাস কৰা লোকসকলক শক্তিশালী কৰা ।

গৃহমন্ত্ৰী শ্বাহে পুনৰ কয়, "প্ৰথম পৰ্যায়ত চিনাক্ত কৰা ৬৬২খন সীমান্ত গাঁৱৰ ভিতৰত ৪৫৫খন গাঁও অৰুণাচল প্ৰদেশত আছে (Amit Shahs Arunachal Pradesh visit )।" তেওঁ কয় যে, শ্বি যোমিৰ গাঁওসমূহৰ বৃহৎ অংশ এই কাৰ্যসূচীৰ অধীনত সামৰি লোৱা হ'ব । মুঠ ৪৮ কোটি টকাৰ ব্যয়ৰে প্ৰথম পৰ্যায়ৰ ১৪৫১ খন গাঁও এই আঁচনিৰ অধীনত গাঁও সমূহৰ উন্নয়নৰ কাম কৰা হৈছে । এই অনুষ্ঠানটোত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, উপ মুখ্যমন্ত্ৰী চৌনা মেন, সাংসদ তাপীৰ গাৱ, আই টি বি পি ৰ সঞ্চালক, অৰুণাচল প্ৰদেশৰ আৰক্ষী সঞ্চালক, মুখ্য সচিব উপস্থিত থাকে । গৃহমন্ত্ৰী স্বাহ আজি নিশা ৱালঙত কটাই মঙলবাৰে অন্য এক অনুষ্ঠানত অংশগ্ৰহণ কৰি অসমলৈ আহিব ।

লগতে পঢ়ক:Maharashtra Temple tragedy : মন্দিৰৰ ওপৰত পৰিল ১০০ বছৰ পুৰণি গছ, ৭ ভক্তৰ মৃত্যু

ABOUT THE AUTHOR

...view details