নিউজ ডেস্ক, 16 জানুৱাৰী : আগন্তুক বিধান সভা নিৰ্বাচনৰ ৰণ কৌশল প্ৰস্তুতিৰ উদ্দেশ্যে পশ্চিম বংগৰ ৰাজ্যিক বিজেপিৰ নেতৃত্বৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে তেখেতৰ নিজ বাসভৱনতে শুকুৰবাৰে মিলিত হয় এক ৰুদ্ধদ্বাৰ বৈঠকত ৷
আগন্তুক বিধানসভা নিৰ্বাচনক লৈ পশ্চিম বংগৰ ৰাজ্য়িক নেতৃত্বৰে অমিত শ্বাহৰ বৈঠক - 2021 বিধান সভা নিৰ্বাচন
2021ৰ বিধান সভা নিৰ্বাচনক লৈ অমিত শ্বাহ আৰু পশ্চিম বংগৰ দলীয় নেতৃত্বৰ ৰুদ্ধদ্বাৰ বৈঠক ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীৰ বাসগৃহত অনুস্থিত বৈঠকত ভাগ ল‘লে দলৰ সাধাৰণ সম্পাদক কৈলাশ বিজয়ভাৰ্গিয়া, পশ্চিম বংগ বিজেপিৰ ৰাজ্য়িক সমিতিৰ সভাপতি দিলিপ ঘোষ আৰু বহু কেইগৰাকী ৰাজ্যিক শীৰ্ষ নেতৃত্ব ৷
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমৃত শ্বাহ আৰু পশ্চিম বংগৰ ভাৰতীয় জনতা পাৰ্টিৰ মাজত অনুস্থিত হয় গুৰুত্বপূৰ্ণ বৈঠক
ভাৰতীয় জনতা দলৰ সাধাৰণ সম্পাদক কৈলাশ বিজয়ভাৰ্গিয়া, পশ্চিম বংগৰ বিজেপিৰ ৰাজ্যিক সভাপতি দিলিপ ঘোষৰ লগতে ভাৰতীয় জনতা দলৰ বহু নেতাও উপস্থিত থাকে এই বৈঠকত ৷ উল্লেখ্য যে, 294 খন আসনৰ বাবে ৰাজ্যখনত অনুস্থিত হ’ব 2021ৰ বিধানসভা নিৰ্বাচন ৷
লগতে পঢ়ক : কোন জিলাৰ ক'ত ক'ত সম্পন্ন হ'ব COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া?